Bhora Barixar (ভৰা বাৰিষাৰ) | Lyrics In Assamese | Bhupen Hazarika

Song: Bhora Barixar (ভৰা বাৰিষাৰ)

Singer: Bhupen Hazarika

Bhora Barixar Lyrics
Bhora Barixar Lyrics

Bhora Barixar Lyrics:---

ভৰা বাৰিষাৰ বানে
খহাই নিলে গাঁও
পাৰতে উচুপি কান্দে
দুখীয়াৰ ছাও ৷
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷
বানপানীয়ে ঘৰৰ চালে
পানী কাটি নিয়ে
আহুধানৰ আলিটিৰ
ভেটা ভাঙি দিয়ে
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷
নাতি-পুতিক আঁকোৱালি
বুঢ়ীআয়ে কান্দে
অ’ হুদুটিয়ে গছে আগত
ভেটি মাটি খুন্দে ৷
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷
খেৰৰ পঁজাৰ চালকেখন
উটি উটি যায়
অ’ তাতে বহি চিলনীয়ে
কিবা নাম গায় ৷
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷
হেজাৰ হেজাৰ খেতিয়কৰ
পথাৰ বুৰি গ’ল
এ’ গাঁৱৰে কঠীয়াতলীৰ
সপোন ভাগি গ’ল ৷৷
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷


Post a Comment

Previous Post Next Post

Contact Form