Bihure Birina (বিহুৰে বিৰিণা) Lyrics In Assamese by Bhupen Hazarika, visit AssameseLyrical.com for more Assamese lyrics
Song: Bihure Birina (বিহুৰে বিৰিণা)
Singer: Bhupen Hazarika
![]() |
Bihure Birina Lyrics |
Bihure Birina Lyrics:---
বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গʼল
পাতে সমনীয়া দেশৰ নেতা ৰজা হʼল
কথা :-- তেতিয়া কি হʼল?
বিহুৰে বিৰিণা পাত হে
নয়া পইচা উলাই গʼল
বিহুৰে বিৰিণা পাত হে
ষোল অনা লুকাই গʼল
বিহুৰে বিৰিণা পাত হে
এশ পইচাই এটকা হʼল।
চেনাই দিয়ে গʼলা মইনা মোৰ কলিজা
চেনেহৰ টোপোলা মইনা মোৰ কলিজা
মইনাজান মইনাজান তোমাৰে ঐ বেজাৰত
মইনাজান মইনাজান জাঁজী নৈত পৰিম গৈ
মইনাজান মইনাজান সোঁতে মোক উটুৱাই নিব
মইনাজান মইনাজান মাংস গেলি যাব
মইনাজান মইনাজান হাড়ও পচি যাব
মইনাজান মইনাজান মাছেনো কুটি কুটি খাব।
কুলি কেতেকী সৰু ভনীটি
তোমালোকৰ ঘৰলৈ
সদায় যাব পাৰোঁ মই
যদি দিয়া মৰমৰ মাত
মই যোৱা দেখিলে
তোমাৰ মাৰ বাপেৰে
দিয়ে মূৰে কপালে হাত।
বাৰীৰে ঢাপৰে
এজাৰ মোৰ চৰাই
বাৰীৰে ঢাপৰে এজাৰ
চেঙেলীয়া কালতে
পীৰিতি এৰিলা
মনত দি গʼল বেজাৰ।।
COMMENTS