Dehor Randhre Randhre (দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে) | Lyrics In Assamese | Bhupen Hazarika

Song: Dehor Randhre Randhre (দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে)

Singer: Bhupen Hazarika

Dehor Randhre Randhre Lyrics
Dehor Randhre Randhre Lyrics

Dehor Randhre Randhre Lyrics:---

কথাঃ মোৰ জীৱন-ৰথ এবাৰ হঠাতে থমকি ৰৈছিল, এনেতে-
গীতঃ দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ
তোমাৰ ওঠৰ পৰশে,
মোৰ ছন্দে ছন্দে উঠে প্ৰেমৰ সুবাস
মন নাচে কিবা হৰষে।

বিশ্ব বিজয়ী মোৰ বাটৰুৱা মন
বাটেই আছিলে লগৰী,
এজুপি তৰুৰ তলতে অলপ
থমকিলে ৰথৰ চকৰি;
তাতেই হঠাৎ তোমাৰ বুকুত
(মোৰ) আনন্দাশ্ৰু বৰষে।।

সৰ্বসত্তা মোৰ হ'ল ধন্য
তুমি দিলাঁ মিঠা আশ্ৰয়
তোমাৰ উদাৰতাৰ নলওঁ সুয়োগ
স্মৃতি মাথোঁ ৰ'ব সঞ্চয়।

অঘৰীৰ ঘৰ জানো কাহানিবা হয়?
আমাৰ মিলনো দেখোঁ, বৈধ নহয়!
এই মিলন হওক চিৰ-বিৰহ প্ৰতীক
অনন্ত মিলন পিয়াসে।।

Post a Comment

Previous Post Next Post

Contact Form