Hu Hu Dhumuha (হু হু ধুমুহা) Lyrics In Assamese by Bhupen Hazarika, visit AssameseLyrical.com for more Assamese lyrics
Song: Hu Hu Dhumuha (হু হু ধুমুহা)
Singer: Bhupen Hazarika
![]() |
Hu Hu Dhumuha Lyrics |
Hu Hu Dhumuha Lyrics:---
(হু হু ধুমুহা আহিলেও
হে মোৰে মনৰ মানুহ,
সুখে দুখে
তুমি মোৰ সৈতে
থাকিবানে--?)
হু হু ধুমুহা আহিলেও
আকাশ কʼলা মেঘে ছানিলেও
ৰিম্ঝিম্ বৰষুণ পৰিলেও
তুমি যেন থাকাঁ মোৰ কাষতে।
হু হু ধুমুহা আহিলেও--
জীৱনৰ প্ৰথম তৰীত
প্ৰথম যাত্ৰী হৈ বহিলাঁ
বুকুৰ তপত উম যাচি,
ভয়াৱহ চাকনৈয়া দেখিলেও
তুমি যেন থাকাঁ মোৰ কাষতে।
হু হু ধুমুহা আহিলেও--
শৈশৱ পাৰ হʼল, কিশোৰ হʼলোঁ
কৈশোৰ পাৰ হʼল, যুৱক হʼলোঁ
যৌৱন-জোৱাৰত নাও মেলি
আশাৰ পাল ৰূপে তোমাকে পালোঁ।
আঁচনিৰ সাগৰতে
সাহসৰ স্বাক্ষৰ কৰিলাঁ
নিৰাশাৰ চকুপানী মচি
দুঃসহ বেদনাত ভুগিলেও
তুমি যেন থাকাঁ মোৰ কাষতে।
হু হু ধুমুহা আহিলেও
COMMENTS