Jug Jug Dhori (যুগ যুগ ধৰি) | Lyrics In Assamese | Bhupen Hazarika

Song: Jug Jug Dhori (যুগ যুগ ধৰি)

Singer: Bhupen Hazarika

Jug Jug Dhori Lyrics
Jug Jug Dhori Lyrics

Jug Jug Dhori Lyrics:---

যুগ যুগ ধৰি এচাম লোকে
শোষণ কিমাননো কৰিব ?
নতুন সুৰ্য্যক ক’লা ডাৱৰে
আৰুনো কিমান ঢাকিব?
সিহঁতে বুধিৰে মুখা পিন্ধি
ভুৱানো কিমান দিব ?
সিহঁতৰ মুখাবোৰ খুলি দিয়াৰ
প্রতিজ্ঞা কোনেনো কৰিব ?
তুমি ! তুমি ! তুমি !!!

সমাজৰ মুষ্টিমেয় শোষকে
বনুৱাক সদায় ঠগিব খোজে
আলাসৰ লাড়ু বহি খোৱাহঁতে
যদি- শ্রমৰ মৰ্য্যাদা নুবুজে
তেনে নিৰ্ভীক প্রতিবাদ কৰিবনো কোনে
তুমি ! তুমি ! তুমি !!!

কিয় একেখন সমাজৰ দুটি ঘৰ
এটিত এন্ধাৰ আৰু এটিত পোহৰ
এটিত খাদ্য থাকে পাহাৰ সমান
আৰু- আনটিত ভোকৰ চিঞৰ ,
এই অসাম্য দূৰ কৰিবনো কোনে ?
তুমি ! তুমি ! তুমি !!!

ছন পৰা মনবোৰ চহাই লৈ
শ্রমৰ ফলখিনি সমভাগে লৈ
বহুতৰ মৃত্যুত গৰ্জ্জি উঠা
নতুনৰ অঙ্ক সাবটি লৈ
আজি সাম্যৰ পৃথিৱী গঢ়িবনো কোনে ?
তুমি ! তুমি ! তুমি !!!

Post a Comment

Previous Post Next Post

Contact Form