Milonore Ei Xubho Khon (মিলনৰে এই শুভ ক্ষণ) Lyrics In Assamese by Bhupen Hazarika, visit AssameseLyrical.com for more Assamese lyrics
Song: Milonore Ei Xubho Khon (মিলনৰে এই শুভ ক্ষণ)
Singer: Bhupen Hazarika
![]() |
Milonore Ei Xubho Khon Lyrics |
Milonore Ei Xubho Khon Lyrics:---
অ' .....অ'.....অ'......
মিলনৰে এই শুভ ক্ষণ
পখিলা উৰাদি উৰে মন
মৰমৰে এই আৱাহন
জীৱনৰে মধুৰ লগন।
লাজৰে বান্ধোন খুলি যায় যায়
বুকুৱে সঁহাৰি পায় পায়।
অমৃতময় এই আলিঙ্গন
যেনে হৰগৌৰীৰ মহামিলন।।
দয়াৱতী পাৰ্বতী আই
নধৰিবা দোষ দায় ।
তোমাৰ আশিস মাগিছোঁ
তোমাৰ শিখৰে নাচিছোঁ
উদাৰ মুকুতি পায়।
প্ৰণয়ৰ পৰিধি নাই নাই
অসীমৰে সীমা এৰি যায়
সত্যম শিৱম সুন্দৰম
যুগে যুগে আমি দুয়ো
দুয়োতে মগন।।
Bhupen
অৰুণ কিৰণ শিৰৰ ভূষণ
গলে হিমৰ ঢল,
পুৱাৰ সূৰুযে চুমা খোৱা দেশ
আমাৰ অৰুণাচল।
কামেং চিয়াং লোহিত আৰু
টিৰাপ সোৱণশিৰী
চিৰ জ্যোতিৰ কুসুম ৰূপে
শোভে হিমগিৰি ।
পঞ্চ ফুলৰ থোপা সাজি
আনন্দ উচ্ছল
পুৱাৰ সূৰুযে চুমা খোৱা দেশ
আমাৰ অৰুণাচল।
COMMENTS