Moina Kun Bidhatai hajile (মইনা কোন বিধাতাই সাজিলে) | Hit Assamese Lyrics | Dipen Baruah

Song Name: Moina Kun Bidhatai hajile (মইনা কোন বিধাতাই সাজিলে)
Singer Name: Dipen Baruah
Movie Name: Dr. Bezbaruah



Moina Kun Bidhatai hajile (মইনা কোন বিধাতাই সাজিলে) | Hit Assamese Lyrics:---

অ মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুতি,
চমক নীলা বিজুলীৰে,
গোলাপ কোমল পাহিতি,
সেই চমকৰ ভমক লাগি,
দহি মৰে মনতি,
মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুতি,
মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুতি.....

অই হই পূৰ্ণিমাৰে আকাশৰে,
জোনটি সোৱনি,
ক'ত পাবা নো মেলিলে ,
হাত দুখনি,
অ ক'ত পাবা নো মেলিলে, 
হাত দুখনি.....

অ মইনা হাত নেমেলো আনিবলৈ,
দূৰ আকাশৰ মনিটি,
মোৰ মন হাকুটি লগাই পাৰিম,
এই পূৰ্ণিমাৰ জোনটি,
মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুতি,
মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুতি,
নন্দন বনত ফুলি আছে ,
ফুল পাৰিজাত,
কৃষ্ণ গোষাই ৰখি আছে,
নেমেলিবা হাত.....

অ মইনা হাত নেমেলো,
ফুল নিচিঙো,
নিচিঙো মই কলিটি,
এ এ এ এ এ.......

অই হই হাত নেমেলো,
ফুল নিচিঙো,
নিচিঙো মই কলিটি,
মোৰ প্ৰাণ পখিলাই,
চুমি যাব,
এই পাৰিজাত ফুলতি,

মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুতি,
চমক নীলা বিজুলীৰে,
গোলাপ কোমল পাহিতি,
সেই চমকৰ ভমক লাগি,
দহি মৰে মনতি,
মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুতি,
মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুতি.....

চগাৰ পখি লাহি লাহি,
এন্ধাৰতে উৰে,
বন্তিৰুজৰ শিখাত পৰি,
জলি জলি মৰে,

অ মইনা নাই পাখি মোৰ উৰিবলৈ,
নহলো মই চগাতি,
এ এ এ এ......

অই হই নাই পাখি মোৰ উৰিবলৈ,
নহলো মই চগাতি,
মোৰ প্ৰেম তুলসীৰ তলত জলাম,
এই সোণৰে বন্তি,

মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুতি.....
মইনা কোন বিধাতাই সাজিলে,
তোমাৰ পদুম চকুতি.....

তোমাৰ পদুম চকুতি.....
তোমাৰ পদুম চকুতি.....


Post a Comment

Previous Post Next Post

Contact Form