Mur Mon Baagh (মোৰ মন বাঘ) | Lyrics In Assamese | Jayanta Hazarika

Song: Mur Mon Baagh (মোৰ মন বাঘ)

Singer: Jayanta Hazarika

Mur Mon Baagh Lyrics
Mur Mon Baagh Lyrics

Mur Mon Baagh Lyrics:---

মোৰ মন বাঘ যদি আজি চৰাই হয়
আৰু কʼৰবাৰ চিলনীয়ে খেদি খেদি কয় -
তোৰ সাহৰ দেখোঁ কোনো চিনচাব নাই
মই কʼম কি?
মোৰ মাটিডৰা যদি আজি ছন পৰি যায়
আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয়
সেউজ ৰং মোক বাৰু কিয় নিদিলি ?
মই কʼম কি ?
মই কʼম কি ?
মোৰ বুকুখন আজি যদি পাল হৈ যায়
ধুমুহাই যদি তাতে সঘনে কোবায়
মই জানো মুখখন হাতেৰে ঢাকি
চিঞৰিম আকাশ কঁপাই ।
মোৰ দেশখন যদি আজি আই হৈ যায়
আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয়
তই বাৰু মোৰ বাবে কৰিলিনো কি
মই কʼম কি ?
মই কʼম কি ?

Post a Comment

Previous Post Next Post

Contact Form