O Tumi Jun Ne Xun (অʼ তুমি জোন নে সোণ) Lyrics | Bhupen Hazarika

Song: O Tumi Jun Ne Xun (অʼ তুমি জোন নে সোণ)

Singer: Bhupen Hazarika

O Tumi Jun Ne Xun Lyrics
O Tumi Jun Ne Xun Lyrics

O Tumi Jun Ne Xun Lyrics:---

অʼ তুমি জোন নে সোণ নে শিখা ?
অʼ মোৰ এটি নাম যৌৱনৰ তৃষা।
কথা : সাগৰৰ পাৰ।
অʼ সাগৰৰ পাৰে পাৰে বাট
নিশা তুমি মই বহি আছোঁ তাত
তুমি হʼলা লাহৰী, সাগৰৰে লহৰী
সৌৱা চোৱাঁ, আঁজলিবোৰ
কিয় হয় বাউলি
(আমি) একে হোৱা দেখি
লহৰ লেখি লেখি
সাগৰে হেৰুৱালে যে ভাষা।।

অʼ আজি জোনাকৰে জিল্‌মিলীয়া নিশা,
মোৰে বঢ়ালাঁ যে জীৱন লালসা।
দুচকুতে মৰমৰে আভাস
চেনেহৰে অপৰূপ প্ৰকাশ
নকৰিবা ভয় নাই সংশয়
আছে মিথোঁ মিলনৰে আশা।।

সুগন্ধী সনা কেশ

কি মিঠা আৱেশ
তোমাৰ বুকুখন আকাশ যেন এখন
সেই আকাশৰে গাত বিশাল তুলাপাত
প্ৰেমেৰে তাত ইতিহাস লিখা।।

Post a Comment

Previous Post Next Post

Contact Form