Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics | Jaanmoni | Zubeen Garg

Song Name: Phool Fulise Baxontor (ফুল ফুলিছে বসন্তৰ)
Singer Name: Zubeen Garg
Music Album: Jaanmoni



Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics::--

ফুল ফুলিছে বসন্তৰ,
তুমি জানমনি বহাগৰ,
প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ......

ফুল ফুলিছে বসন্তৰ,
তুমি জানমনি বহাগৰ,
প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ......

গুণ গুণ কৈ ভোমোৰাঁ ফুলে ফুলে পৰিছে,
থূপা থুপে নাহৰ তগৰ ডাল ভৰি পৰিছে,
জানমনি তুমিয়ে মোৰ কামনা বাসনা,
তুমিয়ে মোৰ জীৱনৰ ভৰসা,
তুমিয়ে মোৰ বুকুৰে কলি......

জুৰ মলয়া ফাগুনৰ,
তুমি জানমনি মৰমৰ,
প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ....

জুৰ মলয়া ফাগুনৰ,
তুমি জানমনি মৰমৰ,
প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ....

ৰঙা নীলা পখিলা,
জাকে জাকে উৰিছে,
কু কু... কৈ কুলিটিয়ে পাতৰ আঁৰত মাতিছে....

অ জানমনি তুমিয়েই মোৰ প্ৰাণৰে পুতলা,
তুমিয়ে মোৰ আশাৰে নিজৰা,
তুমিয়ে মোৰ মৰমৰ মনি.....

ন কুহিপাঁত আহতৰ,
ন ধাল নামে লুইতৰ,
সদায়েচোন থাকিবা,
তৰা হৈ মোৰ মনৰ আকাশত....

ঢোল পেপা গৰজিলে,
অসমৰ চুকে কোণে,
তুমি কাষত নাথাকিলে ,
মনে কিবা কৰে....

অ জানমনি তুমিয়ে মোৰ মৰমৰ গহণা,
তুমিয়ে মোৰ সাগৰৰ মুকুটা,
তুমিয়ে মোৰ জীৱন লগৰি.....

শেৱালি ফুল শৰতৰ,
বহাগ মাহৰ দুপৰৰ,
প্ৰতিটো ঢোলৰ চাপৰে,
মনত পেলায় কথা অতীতৰ....

শেৱালি ফুল শৰতৰ,
বহাগ মাহৰ দুপৰৰ,
প্ৰতিটো ঢোলৰ চাপৰে,
মনত পেলায় কথা অতীতৰ....

মৌ বৰষা মৰম দিম,
মোৰ কোমল হিয়াৰে,
সপোনে অই দিঠকতে থাকিবা মোৰ কাষতে....

অ জানমনি তুমিয়ে মোৰ অ‍াকাশৰ চন্দ্ৰমা,
তুমিয়ে মোৰ জোনাকি পৰুৱা,
তুমিয়ে মোৰ নদীৰে সুতি......

জানমনি তুমিয়ে মোৰ নদীৰে সুতি.....

1 Comments

Previous Post Next Post

Contact Form