Polakhore Rong (পলাশৰে ৰং) | Lyrics In Assamese | Bhupen Hazarika

Song: Polakhore Rong (পলাশৰে ৰং)

Singer: Bhupen Hazarika

Polakhore Rong Lyrics
Polakhore Rong Lyrics

Polakhore Rong Lyrics:--

কথা : ডেকা - পলাশৰে ৰং
গীত : গাভৰু - পলাশৰে ৰং
কোনেনো সানিলে
এই মিঠা সেউজ বননিত
ডেকা : আৰু তোমাৰ কোমল চাৱনিত
কথা : গাভৰু : জীৱনৰে ৰং
ডেকা : জীৱনৰে ৰং পলাশে সানিলে
কোমল কোমল ঘাঁহনিত
গাভৰু : আৰু তোমাৰ বুকুখনিত


ডেকা : যৌৱনৰে এই বলিয়া বানত
তুমিয়ে ময়ে সাঁতোৰোঁ আহা
গাভৰু : মৰমৰে এই এনাজৰীৰে
দুয়ো দুয়োকে বান্ধোঁ আহা
দুয়ো : বান্ধ ভাগি গ’লে হেৰাব সৰগ
ধুমুহা আহিব ধৰণীত ।

ডেকা : মনে ভবা কথাটি নেথাকে গুপুত
আৰু কথা থাকিল বহুত
গাভৰু : নোকোৱা কথাষাৰি
নোকোৱাকে থাকিলেও
ধৰা পৰে তোমাৰ চকুত
নীলা আকাশত আজি আউজি লৈ
হালিছে জালিছে পলাশৰে ফুল
ডেকা : ফুলতো নহয় এয়া মৰমৰে জুই
নেমানে মৰমে কোনো জাতি কূল
দুয়ো : দানৱী বিভেদক মানৱী চেনেহে
কৰিব এদিন পৰাজিত।

পলাশৰে ৰং...


Post a Comment

Previous Post Next Post

Contact Form