Tritiya Srenir Jatri Lyrics তৃতীয় শ্ৰেণীৰ যাত্ৰী By Bhupen Hazarika, Visit AssameseLyrical.com For more Assamese Lyrics.
Song: Tritiya Srenir Jatri (তৃতীয় শ্ৰেণীৰ যাত্ৰী)
Singer: Bhupen Hazarika
![]() |
Tritiya Srenir Jatri Lyrics |
Tritiya Srenir Jatri Lyrics:--
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি,
জীৱন ৰেলৰ ডবাত আমি
জীৱন ৰেলৰ ডবাত আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….
মাজে মাজে মাজে ৰেলে চিঞঁৰে
নোপোৱাৰ বেদনা জুই হৈ উৰে,
আমাৰ এই জুইৰেই অগ্ৰগামী
আমাৰ এই জুইৰেই অগ্ৰগামী
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি,
জীৱন ৰেলৰ ডবাত আমি
জীৱন ৰেলৰ ডবাত আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….
লগত আছে বোজাৰ বৰ বৰ পেৰা
এই পেৰা অতীতৰ চকুলোৰে ভৰা,
লগত আছে বোজাৰ বৰ বৰ পেৰা
এই পেৰা অতীতৰ চকুলোৰে ভৰা,
আমাৰ এই চকুলো বাষ্প সজালো
সেই বাষ্পেৰেই আমি ধূৰ্তগামী
সেই বাষ্পেৰেই আমি ধূৰ্তগামী
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি
জীৱন ৰেলৰ ডবাত আমি
জীৱন ৰেলৰ ডবাত আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….
তৃতীয় শ্ৰেণীৰ শত সহযাত্ৰী
মিলি দেখিম পোৱাব কালৰাত্ৰি
একেলগেহে পামগৈ লক্ষ্য আমি
একেলগেহে পামগৈ লক্ষ্য আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি
জীৱন ৰেলৰ ডবাত আমি
জীৱন ৰেলৰ ডবাত আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….
COMMENTS