Aji Meghor Madol Bajile Lyrics By Nilima Khatun, visit AssameseLyrical.com for more Assamese lyrics
Song: Aji Meghor Madol Bajile (আজি মেঘৰ মাদল বাজিলে)
Singer: Nilima Khatun
Music: Ramen Barua
Lyrics: Satish Das
![]() |
Aji Meghor Madol Bajile Lyrics |
Aji Meghor Madol Bajile Lyrics:---
আজি মেঘৰ মাদল বাজিলে
মোৰ মনৰ ময়ুৰে নাচিলে
আজি মেঘৰ মাদল বাজিলে
মোৰ মনৰ ময়ুৰে নাচিলে...
বনে বনে বন পখিলাৰ
লাহী কোমল পাহি জিলিকে
বনে বনে বন পখিলাৰ
লাহী কোমল পাহি জিলিকে
আজি মেঘৰ মাদল বাজিলে...
মোৰ মনৰ ময়ুৰে নাচিলে...
কাজল নদীৰ কাজল পানীত
কত ঢৌৱে নাচে মেঘৰ হাঁহিত
কাজল নদীৰ কাজল পানীত
কত ঢৌৱে নাচে মেঘৰ হাঁহিত
নদীৰে পাৰৰে অ’ বিৰিণা হালিছে
উৰু উৰু আজি মোৰ কিয় লাগিছে
নদীৰে পাৰৰে বিৰিণা হালিছে
উৰু উৰু আজি মোৰ কিয় লাগিছে
নীলা আকাশৰে
নীলা নিজৰাতে
নীলা আকাশৰে
নীলা নিজৰাতে
বিজুলীৰে চমকনি নামিলে..!
আজি মেঘৰ মাদল বাজিলে
মোৰ মনৰ ময়ুৰে নাচিলে...
উৰণীয়া মেঘৰ মায়া
দূৰণিৰে অচিন ছাঁয়া..
উৰণীয়া মেঘৰ মায়া
দূৰণিৰে অচিন ছাঁয়া..
চিনাকি চিনাকি
আজি মোৰ লাগিছে
সপোনৰ সুকোমল সুবাস উৰিছে
চিনাকি চিনাকি
অ’ আজি মোৰ লাগিছে
সপোনৰ সুকোমল সুবাস উৰিছে
আজি জীৱনৰে উকা পথাৰতে
আজি জীৱনৰে উকা পথাৰতে
কেঁচা দুবৰিয়ে হাঁহি মাৰিলে...!
আজি মেঘৰ মাদল বাজিলে...
মোৰ মনৰ ময়ুৰে নাচিলে
আজি মেঘৰ মাদল বাজিলে
মোৰ মনৰ ময়ুৰে নাচিলে...
বনে বনে বন পখিলাৰ
লাহী কোমল পাহি জিলিকে
বনে বনে বন পখিলাৰ
লাহী কোমল পাহি জিলিকে
আজি মেঘৰ মাদল বাজিলে
মোৰ মনৰ ময়ুৰে নাচিলে...!
COMMENTS