Dikhow Noi Eribo Nuwaru Lyrics | Simanta Shekhar | Subasona Dutta | Manas Robin

Song: DIKHOW NOI EARIBO NUWARU

Singer: Simanta Shekhar and Subasona Dutta

Lyrics: Manas Robin

Music: Manas Robin

Dikhow Noi Eribo Nuwaru Lyrics
Dikhow Noi Eribo Nuwaru Lyrics

Dikhow Noi Eribo Nuwaru Lyrics:--

দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
মৰমক এৰিব নোৱাৰোঁ
মৰিবও নোৱাৰোঁ নোৱাৰোঁ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ


ৰঙা ৰঙা পলাশে হাঁহিছে
তাকে দেখি পচোৱা বলিছে
ৰঙা ৰঙা পলাশে হাঁহিছে
তাকে দেখি পচোৱা বলিছে

পলাশ নহয় তুমি চোৱা
ইযে মোৰ কলিজাৰে ৰঙা তেজ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ


মৰমে টানিছে এফালে
স্নেহে বান্ধিছে সিফালে
মৰমে টানিছে এফালে
স্নেহে বান্ধিছে সিফালে
হৃদয়ে কান্দিছে অকলে
কোনেও নুবুজে নুবুজে
মৰমে টানিছে এফালে
স্নেহে বান্ধিছে সিফালে

তোমালৈ মোক নিদিয়ে সহজে
তোমাকো জানো দিব মোক নিবলে
তোমালৈ মোক নিদিয়ে সহজে
তোমাকো জানো দিব মোক নিবলে

আমাৰ ঘৰে তোমাৰ ঘৰে
নিদিয়ে আমাৰ মিলন হবলে

দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ

আগলে যাবও নোৱাৰোঁ
উভতি চাবও নোৱাৰোঁ
আগলে যাবও নোৱাৰোঁ
উভতি চাবও নোৱাৰোঁ
থমকি ৰবও নোৱাৰোঁ
আপোনঘাতী হবও নোৱাৰোঁ
আগলে যাবও নোৱাৰোঁ
উভতি চাবও নোৱাৰোঁ

ঘৰৰ কথা পেলাব নোৱাৰোঁ
তোমাক এৰি আনৰ হ'ব নোৱাৰোঁ
ঘৰৰ কথা পেলাব নোৱাৰোঁ
তোমাক এৰি আনৰ হ'ব নোৱাৰোঁ

দুখন নাৱত দুভৰি থৈ
বঠা ববও যে মই নোৱাৰোঁ

দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ

Post a Comment

Previous Post Next Post

Contact Form