Dure Dure Kune Lyrics By Jyotirmoy Kakati

Song∶ Dure Dure Kune (দূৰে দূৰে কোনে)

Lyrics∶ Tafajjul Ali

Singer∶ Jyotirmoy Kakati

Dure Dure Kune Lyrics
Dure Dure Kune Lyrics

Dure Dure Kune Lyrics:--

দূৰে দূৰে কোনে...
[দূৰে দূৰে কোনে
মুৰুলী বজালে
সুৰে সুৰে ধৰণী
কাঁচলি  কঁপালে] ×২
দূৰে দূৰে কোনে

[শ্যামলী কোন মেঘকন্যা
ওলাল লীলা গতিৰে
উভতি উভতি চালে
সলাজ কাজল চকুৰে] ×২
[শ্যামল শ্যামল ৰূপেৰে তাইৰ
নীলিমা বুলালে] ×২
দূৰে দূৰে কোনে...

[মায়াবী মুৰুলী  বাজে
জীৱনৰে তালে তালে] ×২
দুচকু আৱৰি মোৰ
ৰূপৰে মাধুৰী সানে
কোমল কোমল কবিতাৰে
হিয়া উপচালে
দূৰে দূৰে কোনে...

দূৰে দূৰে কোনে
মুৰুলী বজালে
সুৰে সুৰে ধৰণী
কাঁচলি  কঁপালে
দূৰে দূৰে কোনে...৷

Post a Comment

Previous Post Next Post

Contact Form