Jodi Jibone Kande Lyrics | Bhupen Hazarika

Song: Jodi Jibone Kande (যদি জীৱনে কান্দে)

Singer: Bhupen Hazarika

Jodi Jibone Kande Lyrics
Jodi Jibone Kande Lyrics

Jodi Jibone Kande Lyrics:--

যদি জীৱনে কান্দে ‘নাই নাই’ বুলি
যদি দুখতে উৰে ধৰণীৰ ধুলি
নিৰাশাই আশাবোৰ ভাঙিব খুজিলে
মই গোৱা গীতটি গাবা ৷৷

এটি বগলী যদি অকলে অকলে
উৰি উৰি যোৱা দেখাঁ সাগৰৰ ফালে ৷
বিৰাটক সৰু ক্ষণে ভবাই তুলিলে
মই ৰচা গীতটি পঢ়িবা ৷৷

বিচৰাটি যদি তুমি এবাৰো নোপোঁৱা
নিবিচৰাটিকে যদি বহুবাৰ পোৱা
বিচৰাটি ভাবি গুণি কান্দিব খুজিলে
মই হঁহা হাঁহিটি হাঁহিবা ৷৷

বহুতৰে বহু বুকু ভঙা ভঙা দেখোঁ
সেয়েহে আশাৰে ভৰা গীতবোৰ লিখোঁ ৷
ভুলতেই যদি তুমি এন্ধাৰকে পোৱা
কাঁইঁটকে শেভালিৰে পাহি বুলি লোৱাঁ
তোমাৰ তেজেৰে বাট ৰঙা ৰঙা হ’লে
মই দিয়া সুৰৰে মচিবা ৷৷

Post a Comment

Previous Post Next Post

Contact Form