Pasolir Bagisa Horu Bagisa Lyrics | Bhupen Hazarika

Song: Pasolir Bagisa Horu Bagisa (পাচলিৰ বাগিচা সৰু বাগিচা)

Singer: Bhupen Hazarika

Pasolir Bagisa Horu Bagisa Lyrics
Pasolir Bagisa Horu Bagisa Lyrics

Pasolir Bagisa Horu Bagisa Lyrics:---

পাচলিৰ বাগিচা সৰু বাগিচা
মোৰ সৰু বাগিচা জানো দেখিছা ?

তাত মই ৰুইছোঁ পাচলি ইমান
সৰিয়হ ফুলবোৰ ফুলিছে কিমান !

সৰু সৰু কোৰেৰে নিজে কোৰ মাৰোঁ
সৰু সৰু খন্তিৰে নিজে চহ কৰোঁ |

আবেলি পাচলিত দিওঁ মই পানী
মটৰৰ কলিবোৰ খাওঁ চিঙি আনি |

কবি, মূলা, উৰহি, শাক, লফা, লাই
পুৱাতেই চিঙো মই খৰাহী ভৰাই |

বজাৰত পাচলি বহু পোৱা যায়
মোৰ বাগিচাৰ দৰে সোৱাদ নহয় |

পাচলিৰ বাগিচা সৰু বাগিচা,
মোৰ সৰু বাগিচা জানো দেখিছা ?

Post a Comment

Previous Post Next Post

Contact Form