Bukure Kolijat Lyrics By Zubeen Garg, Bandana Mahanta, visit AssameseLyrical.com for more Assamese lyrics
Song: Bukure Kolijat
Singer : Zubeen Garg & Bandana Mahanta
Bukure Kolijat Lyrics
বুকুৰে কলিজাত লিখিলো তোমাৰে নাম
দুচকুৰ কাষতে তোমাক কেতিয়া পাম
হিয়া ভৰি আছে মৰমেৰে মোৰ মন
জানা তোমাকে বিচাৰে
আছু ৰৈ হেঁপাহেৰে আজিও অকলশৰে
আছু ৰৈ হেঁপাহেৰে আজিও অকলশৰে
বুকুৰে কলিজাত লিখিলো তোমাৰে নাম।
AssameseLyrical.com
মোৰ মনৰ বনত কহুৱা ফুলে
তোমাৰ বতৰা পালে
মোৰ হিয়াৰ মাজত জোনাক সৰে
তোমাৰ কথা ভবিলে
মন পখি হৈ উৰে ঠিকনা বিচাৰি
তুমি আছা কেনি দিয়া সহাৰি
মইয়ো যাম সেই বাটেৰে
তোমাক পোৱাৰ আশাৰে
মইয়ো যাম সেই বাটেৰে
তোমাক পোৱাৰ আশাৰে
বুকুৰে কলিজাত লিখিলো তোমাৰে নাম।
মই আছু জীয়াই তোমাৰ বাবে
নিৰৱে নিজানতে
ৰ'দ একাজলি দিবানে সানি
ভিজা ভিজা বুকুতে
তোমাৰ মিঠা মিঠা পৰশতে
নামি আহিলে আকৌ ফাগুন হঠাতে
জীৱন ভোৰক ৰঙেৰে সোণৱালী সপোনেৰে
বুকুৰে কলিজাত লিখিলো তোমাৰে নাম।
COMMENTS