Jilmiliya Kumol Bali (জিলমিলিয়া কোমল বালি) | Lyrics In Assamese | Bhupen Hazarika

Song: Jilmiliya Kumol Bali (জিলমিলিয়া কোমল বালি)

Singer: Bhupen Hazarika

Jilmiliya Kumol Bali Lyrics
Jilmiliya Kumol Bali Lyrics 

Jilmiliya Kumol Bali Lyrics:---

জিলমিলিয়া কোমল বালি,
তাহানিৰ কথা কিয় আজি কলি,
ওঁহো
কথা : ভুল হʼল নেকি ?
তাহানিৰ কাহিনী কিয় শুনালি ?
অʼ বুকুতে মিঠা মিঠা বিহ ঢালিলি
বুকুতে মিঠা মিঠা সুৰ ঢালিলি
এʼ পাহৰিছিলোঁ !

জিলমিলীয়া কোমল বালি
তাহানিৰ কাহিনী কিয় শুনালি
বুকুতে মিঠা মিঠা সুৰ ঢালিলি ।
জিলমিলীয়া কোমল বালি।

বালিমাহী বালিমাহী বালিমাহী
তই আজি কৱ দেখোঁ হাঁহি হাঁহি
উভতি নবয় সময় নদী
নুফুলে সৰা পাহি।।

ভৰিতে উলিয়ালে তেজৰ টোপাল
কাঁইটীয়া গছৰ হুলে
সময়-বালিত কাৰোবাৰ খোজ
মচি দিয়ে সৰু সৰু ভুলে।
হেঁপাহেৰে বালিঘৰ সাজিবহে পাৰি
তাত পিচে এপলকো থাকিব নোৱাৰি
তেনে কিয় সাজি সাজি খাইছাঁ হাবাথুৰি।।

Post a Comment

Previous Post Next Post

Contact Form