Luitor Paar Duti (লুইতৰ পাৰ দুটি) | Lyrics In Assamese | Bhupen Hazarika

Song: Luitor Paar Duti (লুইতৰ পাৰ দুটি)

Singer: Bhupen Hazarika

Luitor Paar Duti Lyrics
Luitor Paar Duti Lyrics

Luitor Paar Duti Lyrics:---

লুইতৰ পাৰ দুটি জিলিকি উঠিব ৰাতি
জ্বলি শত দেৱালীৰ বন্তি
আহিব কাতিৰে মাহটি
দূৰতে দেৱালীৰ বন্তি ।

অʼ ভৰা বৰলুইতত লুইতপৰীয়া
টুলুঙা নাৱতে অকলশৰীয়া
আমাৰে ভদীয়া
এন্ধাৰৰ কথা ভাবি
দিয়া কৰে ছাটি-ফুটি ।
এনুৱা পৰতে যোৱা বছৰতে
কাল বানপানী এটি আহি
মহা শৱদে মষিমূৰ কৰিলে
সৰুকৈ খেৰৰে পঁজাটি ।

ধাননিও তল গʼল
চেনেহীও উটি গʼল
ডুগডুগী বন্ধকত আছে ।
ৰাইজে লগ লাগি ভৰা লুইত বান্ধিব
সাহসী বুকুখন নাচে ।
কʼলীয়া পিশাচক ভদীয়াই বধিব
আছে দুই বাহুত শকতি ।।
আহিব কাতিৰে মাহটি
দূৰতে দেৱালীৰ বন্তি ।

Post a Comment

Previous Post Next Post

Contact Form