Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) By Bhupen Hazarika | Lyrics In Assamese

Song: Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) 
Singer: Bhupen Hazarika 



Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) Lyrics In Assamese:--


মই যেতিয়া এই জীৱনৰ 
মায়া এৰি গুচি যাম
মই যেতিয়া এই জীৱনৰ 
মায়া এৰি গুচি যাম.......

আশা কৰোঁ মোৰ ছিতাৰ কাষত তোমাৰ সহাঁৰি পাম
নালাগে মোক মোৰ সোঁৱৰনি সভা
নালাগে মোক মিচা নাম
তোমাৰ এটুপি চকুলোঁ পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ 
মায়া এৰি গুচি যাম.......

মানুহৰ বাবে গীত গায় গায়
তোমাক পাহৰি গ'লো
সেয়েহে হ'বলা ভৰ জীৱনতে তোমাকো হেৰুৱালোঁ
সেই ক্ষোভে মোক দহিছে আজিও শান্তি ক'তেনো পাম
তোমাৰ এটুপি চকুলোঁ পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ 
মায়া এৰি গুচি যাম......

মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম
মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম
তুমি নিদিয়া মৰম খিনিতে আছিল সৰগী ধাম
তোমাৰ এটুপি চকুলোঁ পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ 
মায়া এৰি গুচি যাম......

1 Comments

  1. ভুল হৈ আছে লিৰিক্সটো। শুদ্ধ কৰিবা।

    ReplyDelete
Previous Post Next Post

Contact Form