Dangkai Pagala Hol Lyrics (দাংকাই পগলা হ'ল)

Dangkai Pagala Hol Lyrics By Zubeen Garg & Swapnil Bharadwaj, visit AssameseLyrical.com for more Assamese lyrics

Song: Dangkai Pagala hol

Singer: Zubeen Garg & Swapnil Bharadwaj

Dangkai Pagala Hol Lyrics

এ সৰুতে ইশ্বৰে

কেলৈ নামাৰিলে ঐ...

হে পুতি থলেহেতেন গাতত...

ঐ এতিয়া ইশ্বৰে

যাতনাত ভগাইছে

ঐ এনেহেন যৌৱনৰ কালত

কেতিয়াবা বেজাৰত

কেতিয়াবা বেজাৰত

আঘাত লাগে অন্তৰত

গজালি হৈ সুমাম গৈ

শিৱ দৌলৰ ভিতৰত (২)


AssameseLyrical.com


এ দাংকাই তলৈকে আছু চাই

এ দাংকাই বয়স যায় ভনিয়াই

এ দাংকাই কিনো ভাবি থাকো তই

এ দাংকাই ৰৈ থাকিব সময় নাই

মা-দেউতাকৰো বয়স হ'ল

বোৱাৰী এজনী লগা হ'ল

মোকো সচাঁই দাংকাই ঐ

নবৌ এজনী লগা হ'ল

দাংকাই দাংকাই দাংকাই ঐ...




তোৰ কি হৈছে সচাঁ কৈ ক'

ভাইটি মোৰ জীৱনত

বিৰহৰ কাহিনী

ভাইটি তোৰে আগত 

নেমেলো পাতনি

জালুকবাৰীত পঢ়োতে 

পাইছিলো লগ এজনী

সেইজনী অ গুচি গ'ল

মোকে বহুতো আশা দি

আশা আশা কৈয়ে

ৰব মোৰ কিজানি

জীৱন লগৰী মোৰ

মনৰ বিহংগিনী

ভাইটি ভাইটি ভাইটি ঐ...

তয়ে ল এজনী

তয়ে ল এজনী আনি





দাংকাই পগলা হ'লে ঐ

দাংকাই পগলা হ'লে ঐ

মৰমৰ ৰগেৰে শুলে তাক

বুকুতে বিন্ধি গ'ল

দাংকাই ইমান পঢ়ি শুনি

দাংকাই কিনো তই হৈ গলি

দাংকাই আমাৰে ঐ আশাতে

এ দাংকাই ধালিলি চেচাঁ পানী

সপোন সপোন হৈয়ে ৰ'ল

ভবা কথা মিছা হ'ল

আমাৰে ঐ সপোনবোৰ

বতাহতে উৰি গৈ

দাংকাই দাংকাই দাংকাই ঐ...

আজি সচাঁকৈ পগলা

সচাঁকৈ পগলা হ'ল

ভাইটি মোৰ জীৱনৰ

মেলো যদি পাতনি

সেইখনি প্ৰেম উপন্য়াস হ'ব

যে কাহিনী

সেইখনি ঐ উপন্য়াস

লিখি পেলাম কিজানি

যিজনীয়ে পঢ়িব 

হ'ব তাই পাগলী

গুচি যাম গৈ সচাঁকৈ

ঘৰৰ মায়া এৰি

হমে গৈ ভাইটি ঐ

শিৱ দৌলৰ পুজাৰী

ভাইটি ভাইটি ভাইটি ঐ...

মাঁ-দেউতাক তয়ে নো চাবি

দাংকাই পগলা হ'লে ঐ

দাংকাই পগলা দাংকাই পগলা হ'ল ।

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0