Mayabini Ratir Bukut (মায়াবিনি ৰাতিৰ বুকুত) | Assamese Lyrics | Zubeen Garg & Kalpana
Mayabini Ratir Bukut (মায়াবিনি ৰাতিৰ বুকুত) by Zubeen Garg & Kalpana – Listen to this soulful Assamese duet with enchanting melodies and heartfelt lyrics.
| Song Name | Mayabini Ratir Bukut (মায়াবিনি ৰাতিৰ বুকুত) |
| Singers | Zubeen Garg & Kalpana |
| Language | Assamese |
| Genre | Romantic / Modern Assamese |
Mayabini Ratir Bukut Lyrics Zubeen Darg.
(মায়াবিনি ৰাতিৰ বুকুত)
মায়াৱিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব
ভাবো তোমাৰ বুকুত ।
প্ৰতি শৰতৰ প্ৰভাতী ফুলে
ক’ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ বেথা
ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব
ভাবো তোমাৰ বুকুত ।
দুচকুতে তোমাৰ চালে
সপোন আতৰি দিঠক নামে
চুব খুজিলেই মোৰ দুহাতে
দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব
ভাবো তোমাৰ বুকুত ।
মায়াৱিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা ।।
Mayabini Ratir Bukut Lyrics (মায়াবিনি ৰাতিৰ বুকুত)
Check out the Zubeen Garg section on AssameseLyrical.com — it’s a hub of his work: full lyrics, song details, and translations.
#MayabiniRatirBukut #ZubeenGarg #Kalpana #AssameseLyrics #AssameseSong #RomanticAssameseSong #AssameseMusic #AssameseDuet #ZubeenGargSongs #KalpanaSongs #AssamMusic #AssameseRomanticLyrics #AssameseHits
