O Toi Obuj Mon Lyrics | Bhupen Hazarika

Song: O Toi Obuj Mon (অʼ তই অবুজ মন)

Singer: Bhupen Hazarika

O Toi Obuj Mon Lyrics
O Toi Obuj Mon Lyrics

O Toi Obuj Mon Lyrics:---

 অʼ তই অবুজ মন
চেনেহৰ বাট নিচিনিলি
সঁচা বাট বিচাৰি
যাওঁতে চাবি যেন
নপৰ অবাটে পিছলি।।

প্ৰেমৰ অৰ্থ দুটি মানুহ
একেটি মনৰ দুটি মানুহ;
দুটি মনৰ একেটি সুৰ,
এটিৰ শূন্যতা আনটোৰে পূৰ।
এইষাৰ কথা পাহৰিলি।।

যৌৱন ফুলনিত তই ৰোৱা পুলিতে
এপাহি ফুল তই ফুলালি,
নিজেই নজনাকৈ নিজ হাতেৰে
ফুলটিৰ পাহিবোৰ ছিঙিলি।

আত্ম-অভিমান জেদ আৰু খেদ
প্ৰেমৰ ৰাজ্যত শোভা নাপায়
দুয়ো দগ্ধ হয় আপোন দোষত
প্ৰতিক্ষণে দুয়ো দুয়োকে নেপাই
এই কথা ফঁহিয়াই নেচালি।।

Post a Comment

Previous Post Next Post

Contact Form