Aluguti Pitika Khang – Krishnamoni Chutia | Bordoisila Album | Barsha Rani Bishaya | Gunjan

Published on July 13, 2020
Album- Bordoisila
Song- Aalooguti Pitika Khang
Singer – Krishnamoni Chutia

অ অ অ অ……
অ অ অ অ……
আলু গুটি পিটিকা খাং
অ মইনা
দলনি পথাৰলে যাং
আলু গুটি পিটিকা খাং
অ মইনা
দলনি পথাৰলে যাং

ঐ গাৱঁৰে ডালিমি
পথাৰলে আহিলে
দুগালতে দুচুমা খাং
ঐ গাৱঁৰে ডালিমি
পথাৰলে আহিলে
গালত ধৰি দুচুমা খাং

য’তে  ত’তে বৰশী বাং
অ মইনা
প্ৰেমত এ হাবু ডুবু খাং
প্ৰেমত এ হাবু ডুবু খাং
অ মইনা
য’তে  ত’তে বৰশী বাং

ঐ পুথি মাছ এ বুলি
শিঙি মাছ এ বিন্ধিলে
বিষতে মৰিয়ে যাং
ঐ পুথি মাছ এ বুলি
শিঙি মাছ এ বিন্ধিলে
বিষতে মৰিয়ে যাং

ক’লৈ যাং কি কৰোং
ক’তে সোমাই মৰোং
ক’লৈ গ’লে পাহৰোং
ক’লৈ গ’লে পাহৰোং তোক

(Music)….

চাবা দেই ডালিমি ঐ
আলি বাটৰ কচুঁ টেপু এ
টেঙা দিলেও খজুৱাই
মৰমৰ ডালিমি ঐ
অচিনাকি ডেকা ল’ৰাক
মৰম দিলেও ঠগি যাই

সদায় দেখি থকা হ’লে
মৰম বাঢ়ি যাই
ডালিমি চেনেহ বাঢ়ি যাই
এৰা ধৰা কৰিবলেও
নোৱাৰি সোনাই
এৰা ধৰা কৰিবলেও
নোৱাৰি সোনাই

মধুপুৰ গাঁৱলে যাং
অ মইনা
দেউৰী মদক এ খাং
মা মৰা বকটালে যাং
অ মইনা
আহোমৰ ৰহি সাজ এ খাং

ঐ কেচাও শুকালে
দিহিঙো শুকালে
তোৰে ঐ ঠিকনা পাং
ঐ কেচাও শুকালে
দিহিঙো শুকালে
তোৰে ঐ ঠিকনা পাং

(Music)…

বিহালিৰ বিলাহি খাং
অ মইনা
কাষে চাপি চাপি যাং
পকা সুমথিৰা খাং
অ মইনা
পিটিকি মোহাৰি চাং

অ তোলে মনত পেলাই পুৱা আৰু গধুলি
কলি জল বগি জল খাং
অ তোলে মনত পেলাই পুৱা আৰু গধুলি
কলি জল বগি জল খাং

কলৈ যাং কি কৰোং
কতে সোমাই মৰোং
কলৈ গলে পাহৰোং
কলৈ গলে পাহৰোং তোক

চিচিবৰ গাঁৱলে যাং
অ মইনা
চুতীয়া ৰমণী পাং
কাকো পথাৰলেও যাং
অ মইনা
তোৰ সমান কতো নাপাং

অ গুসাইও আছেগৈ
তোৰে মোৰে হৈ
কেঁচা খাইতীক পুজা দি চাং
ঐ মৰমৰ মাজেৰে
তুমি আমি হৈ
জীৱনৰ বাটলে চাং

(Music)…