Bihuke nasi ding | Nilakshi Neog

Singer- Nilakshi Neog
Lyrics - Parag Lahon & Mrinal Borgohain

ধিপিং ধিপিং কৰে জান
মোৰে নু বুকুতে
ৰিং-ৰিং ৰাং-ৰাং কৰে জান
মোৰে নু তেজত

মই হ'লো গাঁৱৰ আজলী ছোৱালী
তই চাগে ক'লেও বুজি নাপাবি
মই হ'লো গাঁৱৰ আজলী ছোৱালী
এ তই চাগে কলেও বুজি নাপাবি

ফাটা-ফুটা ইংৰাজী কবও নেজানো বুজিও নেপাও মই
আমি গাৱলিয়া একোকে নাজানো
বিহুকে নাচি দিঙ
আমি গাৱলিয়া একোকে নুবুজো
বিহুকে গাই দিঙ ঐ


জাজী নৈ শুকাইছে মাছৰে বেজাৰত
লুইতখন শুকাইছে কিয়
মই যে ক্ষিণাইছো তোমাৰে বেজাৰত
তুমিনো ক্ষিণাইছো কিয় ঐ কলিজা


(Music)...


কম্পানিৰে চাকৰি
নেপাও যে তই আজৰি
নেপাও যে তই আজৰি
নেযাবি দে মোকে পাহৰি

এ তোৰে নু কথা ভাবি
নিশা নাহে টুপনি
নিশা নাহে টুপনি
বিচনাতে থাকো বাগৰি

এ তই চাগে সাত ঘাতৰে চেঙেলী
মই জানো তোৰ প্ৰেমতে বাওলী
এ তই চাগে সাত ঘাতৰে চেঙেলী
মই জানো তোৰ প্ৰেমতে বাওলী
একা-বেকা কথা বুজিও নেপাঙ ভালো নেপাঙ মই

আমি গাৱলিয়া একোকে নাজানো
বিহুকে নাচি দিঙ
আমি গাৱলিয়া একোকে নুবুজো
বিহুকে গাই  দিঙ ঐ


(Music)...


কেতিয়াবা মনে যাই তোকে কাষতে পাবলৈ
কেতিয়াবা মনে যাই তোৰে মুখনি চাবলৈ
এ কেতিয়াবা মনে যাই তোকে কাষতে পাবলৈ
কেতিয়াবা মনে যাই তোৰে মুখনি চাবলৈ

আকৌ কেতিয়াবা মনে যাই
মইনা সাবতি লবলৈ,
চিকুতি চাবলৈ তোক

এ তই চাগে সাত ঘাতৰে চেঙেলী
মই জানো তোৰ প্ৰেমতে বাওলী
এ তই চাগে সাত ঘাতৰে চেঙেলী
মই জানো তোৰ প্ৰেমতে বাওলী

একা-বেকা কথা বুজিও নেপাঙ ভালো নেপাঙ মই
আমি গাৱলিয়া একোকে নাজানো
বিহুকে নাচি দিঙ
আমি গাৱলিয়া একোকে নুবুজো
বিহুকে গাই  দিঙ
আমি গাৱলিয়া একোকে নাজানো
বিহুকে নাচি দিঙ

Post a Comment

Previous Post Next Post

Contact Form