Borokha potharot – Meer Deep

Published on July 13, 2020
Song: Borokha Potharot
Singer: Meer Deep

সপোন হৈ আহিলা
সপোন হৈ বাঢ়িলা ঐ
যৌৱনৰ পথাৰত মোৰ

মৰম লৈ মৰমী
ঐ আনৰ হৈ লগৰী
নহ’বা নহ’বা দূৰ

(Music)…

বৰষা পথাৰত
অ’ ভনীতি ৰহেদৈ
হালে বাই থাকিমে
এহালি দমৰা লৈ

চাহ দিব যাবানে
অ’ ভনীতি ৰহেদৈ
লাউনি ওঁঠতে
মিচিকিয়া হাঁহি লৈ

অ’ তোমাৰে ঐ কাৰণে
মৰম নো আছুতীয়া
অ’ তোমাৰে ঐ কাৰণে
মৰম নো সাঁচতীয়া

এ সঁচাকৈ সুধিছো
অ’ ভনীতি ৰহেদৈ
যাবানে নোযোৱা
জীৱন সংগী হ’বলৈ
জীৱন সংগী হ’বলৈ মোৰ

(Music)…

এ ফুল কুমলীয়া
ঐ জান ফুলৰে কলিটি
ঐ ফুলৰে কলিটি
অ’ মন চেঙেলীয়া
ঐ জান বুজাব নোৱাৰি

ঐ এনেতো নাজানে
ঐ জান মই কেনেকুৱা
অ’ মই কেনেকুৱা
জানানে ৰহেদৈ
ঐ জান তোমাতে বলিয়া

অ’ তোমাৰে ঐ কাৰণে
মৰম নো আছুতীয়া
অ’ তোমাৰে ঐ কাৰণে
মৰম নো সাঁচতীয়া

এ সঁচাকৈ সুধিছো
অ’ ভনীতি ৰহেদৈ
যাবানে নোযোৱা
জীৱন সংগী হ’বলৈ
জীৱন সংগী হ’বলৈ মোৰ

(Music)…

সোন বৰণীয়া
ঐ জান
সোণালী ধাননি
ঐ জান
সোণালী ধাননি
ভৰ দুপৰীয়া
ঐ জান হ’বানে দাৱনী

কেচাঁকৈ নৰাৰে
ঐ জান পাৰি দিম দলিছা
ঐ পাৰি দিম দলিছা
অ’ দুবাহুৰ মাজতে
ঐ জান ভাগৰি জিৰাবা

অ’ তোমাৰে ঐ কাৰণে
মৰম নো আছুতীয়া
অ’ তোমাৰে ঐ কাৰণে
মৰম নো সাঁচতীয়া

এ সঁচাকৈ সুধিছো
অ’ ভনীতি ৰহেদৈ
যাবানে নোযোৱা
জীৱন সংগী হ’বলৈ
জীৱন সংগী হ’বলৈ মোৰ

জীৱন সংগী হ’বলৈ
জীৱন সংগী হ’বলৈ মোৰ

(Music)….