Ejak borokhune Muk | Zubeen Garg | Album Rock

Published on July 19, 2020
Song – Ejak Borokhune Muk
Singer – Zubeen Garg
Lyrics & Tune – Zubeen Garg
Album – Rock

এজাক বৰষুণে মোক ধুই থৈ গল
এজাক সুবাসে মোক চুই থৈ গল

কোমল কোমল তোমাৰ ওঁঠৰ পৰশে
সজল সজল তোমাৰ চকুৰ মৰমে
পাগল পাগল পাগল পাগল কৰি গল

কোমল কোমল তোমাৰ ওঁঠৰ পৰশে
সজল সজল তোমাৰ চকুৰ মৰমে
পাগল পাগল পাগল পাগল কৰি গল

এতিয়া কলৈ যাওঁ
তোমাকে ক’তে নো পাওঁ

এজাক বৰষুণে মোক ধুই থৈ গল
এজাক সুবাসে মোক চুই থৈ গল

(Music)

শুকান শুকান শুকান শুকান মাটিতে
নিজান নিজান নিজান নিজান পৰতে
অভিনৱ তোমাৰ অনুভৱ

নীলিম নীলিম নীলিম নীলিম আশাতে
অসীম অসীম অসীম অসীম স্বপ্নতে
সপোন যেন দিঠক

অচিন অচিন তোমাৰ মিঠা কথাতে
সেউজ সেউজ তোমাৰ হিয়াৰ ভাষাতে
ক্লান্তিও যেন পুলক

ঠুনুক ঠানাক তোমাৰ ওঁঠৰ শবদে
ৰুণুক জুনুক নূপুৰ বজাই হিয়াতে
দিয়ে হি পুলক

এজাক বৰষুণে মোক ধুই থৈ গল
এজাক সুবাসে মোক চুই থৈ গল

(Music)

পুৱাল পুৱাল পুৱাল পুৱাল হিয়াকে
চুব দিয়া চুব দিয়া মোকে
অন্ধ মই প্ৰেমৰ

উগুল থুগুল উগুল থুগুল ভাষাতে
কৰুণ কৰুণ কৰুণ কৰুণ আশাতে
সিক্ত তোমাৰ মনোভৱ

আকাশ বতাহ কঁপাই দিয়া প্ৰেমেৰে
হৃদয় উজাৰ কৰি দিয়া গানেৰে
নিগৰাই সুৰৰে উছৱ

টোপাল টোপাল টোপাল টোপাল মৰমে
উমাল উমাল উমাল উমাল পৰশে
জোঁকাৰক হৃদয়ৰ শবদ

এজাক বৰষুণে মোক ধুই থৈ গল
এজাক সুবাসে মোক চুই থৈ গল