Guti dhan – Ramen Danah

Published on July 19, 2020
Singer – Ramen Danah
Lyrics & Tune – Ramen Danah

(Music)…

গুটিধানৰ ডাঙৰী য়েই
লালৈ বিৰিয়াতে গুজং
লালৈ কান্ধত তুলি আনং

খোজত চিৰিপ চিৰিপ
খোজত চিৰিপ চিৰিপ লৰে

সাজৰেহি দুবাতি য়ে লালৈ
ডিঙিত যদি ধালুং
লালৈ নিচাত যদি পৰং

নিজক ৰজা ৰজা
নিজক ৰজা ৰজা লাগে

দে হেলৈ গল নুখাং
কাজী নুখাং

সাঁজৰ নিচা গুচাং
তোৰে প্ৰেমৰে গুচাবলৈ নিচা

চেপি চেপি কি টেঙা খাং
অ চোন চেপি চেপি কি টেঙা খাং

(Music)…

শুন পানী চৰুয়া য়ে লালৈ
অসমীয়া গহনা
লালৈ চালে চকুত লগা
ৰ’দত জিলিক মিলিক
ৰ’দত জিলিক মিলিক কৰে

য়ে কানি বুনি বেলিকা য়ে
লালৈ তহঁতৰ পদূলিত
য়ে লালৈ বাৰুং দি ঘলকি
ওচৰ চুবুৰীয়াই
ওচৰ চুবুৰীয়াই শুনে

তহঁতৰ ঘৰলৈ যাং
তোকে খুজি চাং
মোলৈ দিবনে তোক

মই যোৱা দেখিলে
তহঁতৰ ঘৰত
মাৰি দিয়ে দুৱাৰৰ হুক
লালৈ মাৰি দিয়ে দুৱাৰৰ হুক

বনে বনে যাং
বন গুটি পাং
মনে মনে মই তোক ভালে পাং

তই নিলে তোলে এৰি যাম
বিদায় ঘৰত সুমাই চাং
য়ে জান ঐ তই নিলে তোলে এৰি যাম
বিদায় ঘৰত সুমাই চাং

(Music)…

তোৰে লগৰ ছোৱালী য়ে
লালৈ বিয়া বাৰু পাতি
কেঁচুৱা পালে এটি দুটি
কোলাত মিলিক মিলিক
কোলাত কোলাত মিলিক মিলিক হাঁহে

ময়ো যদি মতা হং য়ে
লালৈ বাটৰ পৰা ধৰি
আনিম তোকে নিজৰ কৰি
কোনে কি কৰিব
কোনে কি কৰিব পাৰে

তোকে লৈ পাতিমে ঘৰ
অতি মৰমৰ সময় নো চাই দিবি মাত
একে খনি মজিয়াতে
একেলগে বহি খামে সুখৰে ভাত
লালৈ খামে সুখৰে ভাত
একেলগে বহি খামে সুখৰে ভাত
লালৈ খামে সুখৰে ভাত

(Music)…