Misisipi Nodikhon | Nilakshi Neog | Neel Akash

Published on July 19, 2020
Singer: Nilakshi Neog
Male vocal: Neel Akash.
Lyrics/tune: Ramen Danah.

হে মিচিছিপি নদী খন
হ’ব খোজে বুকু খন
মৰমে খেলিছেহি অলং দলং

(Music)

হে মিচিছিপি নদী খন
হব খোজে বুকু খন
মৰমে খেলিছেহি অলং দলং

ছাতি ফুটি কৰিছে মনৰে মাজুলিখন
তইয়ে আহি গালি প্ৰেমৰে ঐনিতম

শদিয়াটো
ধুবুৰীটো
তোৰ দৰে মই নেদেখিলো

কিবা মৰম লাগিছে
কিবা চেনেহ যাগিছে
বুকুয়ে বিচৰা জন তইয়ে চাগে
বুকুয়ে বিচৰা জন তইয়ে চাগে

(Music)…

পিৰীতি নামৰে পুখুৰীত
ডুবিছো এডিঙি পানীতে
লুতুৰি পুতুৰি হ’বৰ মন
তোৰে মৰমৰে বোকাতে

দুটি ওঠে ঘনে ঘনে
তোৰে হে নাম ল’ব খোজে
কিবা সপোন জাগিছে
আপোন আপোন লাগিছে

ভাৱনাৰে সাগৰত জোঁৱাৰ উঠে
ভাৱনাৰে সাগৰত জোঁৱাৰ উঠে

(Music)…

যৌৱন কাঁচিয়লি ৰদতে
আমনি লাগিছে উমলি
তোকেহে বিচাৰো কাষতে
খুলি দিম হিয়াৰে খিৰিকী

দুটি ওঠে ঘনে ঘনে
তোৰে হে নাম লব খোজে
কিবা সপোন জাগিছে
আপোন আপোন লাগিছে

ভাৱনাৰে সাগৰত জোঁৱাৰ উঠে
ভাৱনাৰে সাগৰত জোঁৱাৰ উঠে

হে মিচিছিপি নদী খন
হব খোজে বুকু খন
মৰমে খেলিছেহি অলং দলং

ছাতি ফুটি কৰিছে মনৰে মাজুলিখন
তইয়ে আহি গালি প্ৰেমৰে ঐনিতম

শদিয়াটো
ধুবুৰীটো
তোৰ দৰে মই নেদেখিলে

কিবা মৰম লাগিছে
কিবা চেনেহ যাগিছে
বুকুয়ে বিচৰা জন তইয়ে চাগে
বুকুয়ে বিচৰা জন তইয়ে চাগে

বুকুয়ে বিচৰা জন তইয়ে চাগে
বুকুয়ে বিচৰা জন তইয়ে চাগে