Mur Kothai Amoni Korene | Zubeen Garg | Gunjan Bhardwaj

Published on July 16, 2020
Singer : Zubeen Garg
MUSIC-JAYANTA KAKATI
TUNE- PANKAJ CHUTIA/ JAYANTA KAKATI
LYRICS- PANKAJ CHUTIA

মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

স্মৃতিবোৰে যদি প্ৰশ্ন কৰে
পাৰিবানে উত্তৰ লিখিবলে
তুমি কিয় এনে কৰিলা
এৰা সুঁতি এৰা দি এৰিলা

মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

(Music)…

যাবৰে সময়ত একোকে নক’লা
কিদৰে থাকিম নাভাবিলা
যাবৰে সময়ত উভতি নাচালা
কিদৰে পাহৰিম নুবুজিলা…

নপৰেনে মনতে আঁতৰি দূৰে দূৰে
চকুলো বাগৰে নে দুগালেৰে
মোলৈ মনত পৰিলে এ-এ-এই
তুমি নিজানত বহিলে

মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

গোলাপৰে পুলি তুমিয়েটো ৰুলা
কুলিটি মেলোঁতেই চিঙি দিলা
সুখে দুখে থাকিম  তুমি কথা দিলা
চিনাকি নহওতেই আঁতৰিলা

নপৰেনে মনতে আঁতৰি দূৰে দূৰে
চকুলো বাগৰেনে দুগালেৰে
মোলৈ মনত পৰিলে এ-এ-এই
তুমি নিজানত বহিলে…

মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা