Prithibiye hahi dile | Babu Baruah

Published on July 19, 2020
SINGER : BABU BARUAH
Lyrics/Mix & Master : Ibson Lal Baruah

পৃথিৱীয়ে হাঁহি দিলে
আকাশৰ পিনে চাই
প্ৰদূষণে ঢাকি ধৰা
ধোঁৱা আঁতৰি যায়

পৃথিৱীয়ে হাঁহি দিলে
আকাশৰ পিনে চাই
প্ৰদূষণে ঢাকি ধৰা
ধোঁৱা আঁতৰি যায়

ভৰিৰ তলুৱাৰ ধৰাখন
যদি চিকুণাই নাৰাখোঁ
মানুহৰ প্ৰজাতি আৰু
নাথাকে জীয়াই

পৃথিৱীয়ে হাঁহি দিলে
আকাশৰ পিনে চাই
প্ৰদূষণে ঢাকি ধৰা
ধোঁৱা আঁতৰি যায়

(Music)…

ওখ অট্টালিকাই
মেদিনী চুমিবলৈ
বিৰিখৰ দুয়ো হাত
কাটিলে লঠঙা কৈ

এটি ৰোগ বতাহত
যেন তৃতীয় মহাসমৰ
প্ৰকৃতি আইয়ে হে
বছালে বিচাব মোক

আজি সভ্যতাৰ আদিপাঠ
নকয় শিকো আহা
আজি স্বচ্ছতাৰ ভটিমা
সমস্বৰে গাওঁ

পৃথিৱীয়ে হাঁহি দিলে
আকাশৰ পিনে চাই
প্ৰদূষণে ঢাকি ধৰা
ধোঁৱা আঁতৰি যায়

(Music)…

অৰ্থনীতি যদিহে
অৰ্থহীন হয়
সহানুভূতিয়ে হে
সঁহাৰি কৰিব ক্ৰয়

মানৱীয়তা জানো
মাথোঁ মানুহৰ বাবেই
জগতৰ যত জীৱ
বান্ধে এখন আকাশেই

বাছি থাকা আৰু বছোৱা
খোৱা কামোৰা এৰি
শ্ৰেণী বিভেদৰ কলুষতা
আহা আতঁৰাও

পৃথিৱীয়ে হাঁহি দিলে
আকাশৰ পিনে চাই
প্ৰদূষণে ঢাকি ধৰা
ধোঁৱা আঁতৰি যায়

ভৰিৰ তলুৱাৰ ধৰাখন
যদি চিকুনাই নাৰাখোঁ
মানুহৰ প্ৰজাতি আৰু
নাথাকে জীয়াই

পৃথিৱীয়ে হাঁহি দিলে
আকাশৰ পিনে চাই
প্ৰদূষণে ঢাকি ধৰা
ধোঁৱা আঁতৰি যায়

(Music)…