Seni Baideu Dibyajit Das | Priti Kashyap

Published on July 19, 2020
Seni Baideu Dibyajit Das

Singer: Dibyajit Das, Priti Kashyap
Music: Geet

অ চেনি বাইদেউ জনী তিপটপ হৈ কেনি বাৰু ওলালি
অ ভিনদেউক যে লগত নানিলি
অ ৰসুকুলি ৰঙিলী হৈ লৰাবোৰক বলিয়া কৰিলি
অ ভিনদেউ এ জানেনে নে কথা টি

মৰম লগা ভনী জনী কি ঘৰতে থৈ আহিলি
ডেকা লৰা বোৰে নাচাব বুলি ঘূৰি
নাচাব বুলি ঘূৰি তোক

ওলাব নোৱাৰি সোমাব নোৱাৰি
ডেকা বোৰে ঘূৰি ঘূৰি চাই
চকু চকু পৰিলে
মিচিকিয়া হাঁহিলে
লাজে মোৰ লাগি যায়

অ চেনি বাইদেউ  চেনি বাইদেউ
অ চেনি বাইদেউ  চেনি বাইদেউ

অ ৰুৱালী বিলৰ বৰালি
অ চেনি বাইদেউ কোনোবা যে এটা মদাহী
লতং পতং কৈ ঘূৰি ফুৰা
অ চেনি বাইদেউ মাৰে যিহে ফুটনি

অ ৰুৱালী বিলৰ বৰালি
অ চেনি বাইদেউ কোনোবা যে এটা মদাহী
লতং পতং কৈ ঘূৰি ফুৰা
অ চেনি বাইদেউ মাৰে যিহে ফুটনি

ছাল তাল নাই চেহেৰাও নাই
ছাল তাল নাই চেহেৰাও নাই
মাৰে যিটো ফিতাহী
যেন ব্ৰিটিছৰ চিপাহী
অ যেন যেন ব্ৰিটিছৰ চিপাহী অ

(Music)…

মনে মনে এদিন অ বাইদেউ গৈছিলোঁ তোৰ ঘৰলে
অ নঙলাদাল খোলোতে অ বাইদেউ বাপেৰে তোৰ দেখিলে
মনে মনে এদিন অ বাইদেউ গৈছিলোঁ তোৰ ঘৰলে
অ নঙলাদাল খোলোতে অ বাইদেউ বাপেৰে তোৰ দেখিলে
অ পিছে পিছে খেদিলে
ঘৰুৱা এছাৰী দাল লৈ

মোৰো মন আছে জানো চেনাইডেং
তুৰলে বিয়া হবলৈ
পাৰিবি জানোং বিয়া পাতি লৈ
কথাটি কবলৈ

অ বাইদেউ ভনীয়েৰক মোলৈ দিবি নে
অ বাইদেউ ভনী জোঁৱাই পাতিবি নে
অ বাইদেউ তোৰ বাপেৰদাল যিটোহে
অ বাইদেউ দেখিবলে মোকে নোৱাৰে

অ দিবি নে ঐ সঁচাকে
ভনীয়েৰক ঐ মোৰলৈকে
ৰাখিম জানক সুখতে
ৰাখিম জানক সুখতে মই
ৰাখিম জানক সুখতে
ৰাখিম জানক সুখতে মই