Seni Seni Seniram | Rupali Kashyap | Dikshu
Singer: Rupali Kashyap & Dikshu Sharma
চেনি চেনি চেনিৰাম
যেনি তেনি তোমাৰ নাম
মিঠা মিঠা কথাতে
উটি ভাহি হঠাতে
মৰমত যেন
যহি খহি যাম
তোমাৰ দুচকুলৈ চাই
মনত খেলি মেলি
লাগি যায়
নকলেও নোৱাৰো
কেঁচা মৰমে
কলিজা খায়
চেনি চেনি চেনিৰাম
যেনি তেনি তোমাৰ নাম ঐ
(Music)…
নৈয়ে হৈয়ে বৈয়ে
বাগৰি যাং
হৈ দিখৌ হৈ জাঁজী
হৈ দিহিং দিচাং
ঐয়াঙে দৈয়াঙে
ভৈয়ামত যাং
চেনাইকে শুনাইকে
তাতেই লগ পাং
মাৰি দিলা বুকুতে
পিৰীতিৰ যাঠি জোং
বুকু পাতি
ল’লুং মই
আকৰি যে নাজানুং
আকৰি যে নাজানুং একো
চেনি চেনি চেনিৰাম
যেনি তেনি তোমাৰ নাম ঐ
(Music)…
চকু দিলে কাৰোবাক
আমুকীয়ে পালে গম
শেন চৰাই জনী হৈ
দুচকু কাঢ়ি লম
টিঙিচকৈ উঠিলে
তেতিয়া পাবা গম
মাতি আনি ঘৰলৈ
ধৰি বান্ধি
ৰাখি থ’ম
মাৰি দিলা চকুতে
এনেকুৱা মোহিনী বাণ
পাহৰিব পৰা নাই
য’তে ত’তে
তোমাক জান
য’তে ত’তে
তোমাক জান দেখোঁ
চেনি চেনি চেনিমাই
তোমাৰে হৈ মৰো হায়
তোমাৰে হৈ আছিলোঁ
তোমাকেই মই যাছিলোঁ
ৰাখিম তোমাক
সাৱটি সদায়
ঐ হাঁহিবা মিচিকিয়াই
থাকিম ৰৈ নো ৰৈ
তোমালৈ চাই
হেঁচুকী মোৰ কলিজা
কলিজাত তুমি
ল’লা যে ঠাই
চেনি চেনি চেনিৰাম
যেনি তেনি তোমাৰ নাম ঐ
(Music)…