Ghopok koi | GETAALI

Published on July 19, 2020
SONG – GHOPOK KOI
SINGER – GETAALI

কোনোবা ওলাইহি ঘপককৈ
আলহী অহাৰ খবৰ লৈ

কোনোবা ওলাইহি ঘপককৈ
আলহী অহাৰ খবৰ লৈ
আলহী মানে বেলেগ নাই
আহিব দিবাক চাবলৈ

লুচীও ভাঁজো
ভাত পানী ৰান্ধোঁ
মায়ে গৈ আলহীক দিয়ে
আমাৰ কষ্ট মাথা নষ্ট
গোড়ালৰ হাঁহো যে মৰে

কিমান আহিল কিমান গ’ল
কিমান হাঁহৰ মৰণ হ’ল
হিচাপ কৰি চালোঁ
হাতৰ আঙুলি শেষ হ’ল
গণি ভৰিৰ আঙুলি পালোঁ

(Music)

হুহ, ওলাব নিদিয়ে আলহীৰ আগত মোক
পৰ্দাৰ ফাঁকে মই চাওঁ
কোনোবা জনৰ চোন
হাঁহি তো হেই দেখোঁ
মানুহ তোক দেখাই নেপাওঁ

ঘূৰিব সিজনে জননী জননী
বগী মাই ধুনীয়া নেদেখি
ব্লেক এণ্ড হোৱাইট চিনেমাৰ খন
সেয়েহে বেছি নজমিল

তেনে কিমান আহিল গ’ল
কিমান হাঁহৰ মৰণ হ’ল
হিচাপ কৰি চালোঁ
হাতৰ আঙুলি শেষ হ’ল গণি
ভৰিৰ আঙুলি পালোঁ

(Music)

অ বগী মাইক দেখি মোৰ
মন টেঙিয়ালে মোৰ
নাচাওঁ আৰু তেনে ভাও
অহ…, নাকচ কৰি গ’লে
ভাগি যাব বুকু
ডুবিব সপোনৰ নাওঁ

সমাজৰ আগতে ৰভা টো বহিলে
তোৰে জানোঁ হ’ব নোৱাৰিম
সুখে দুখে আমি দুয়ো
একে হৈ জানো নিমিলিম

বাকী কথা পেলাই তল
কলম টু লৈ পালি চল
ঠিৰাং কৰি ললোঁ
কথাটো কিন্তু মনত ৰাখিবি
কান চোৱাই তোক ক’লো

কোনোবা ওলাইহি ঘপককৈ
আলহী অহাৰ খবৰ লৈ
আলহী মানে বেলেগ নাই
আহিব দিবাক চাবলৈ