Asutiyakoi Tholu – Rakesh Reeyan | Anju Panchi

Published on July 19, 2020
Song- ASUTIYAKOI THOLU
Singer- ANJU PANCHI feat. RAKESH REEYAN

আছুতীয়াকৈ থলোঁ
তোমাক বুকুৰ ভাজত
ময়ো বিচাৰি পাওঁ
মোক তোমাৰেই মাজত

কুচি কুচি সোমালোঁ
ললোঁ কোলাতে ঠাই
হাঁহি মাতি থাকিবা
চকুৱে চকুৱে চাই

তুমি ক’বা দুষাৰ কথা
মাজত মই এষাৰি ক’ম
কথাৰ মাজতে
এচুমা বিচাৰি ল’ম

তুমি ক’বা দুষাৰ কথা
মাজত মই এষাৰি ক’ম
কথাৰ মাজতে
এচুমা বিচাৰি ল’ম

(Music)…

পুৱা যদি কাজিয়া হয়
গধূলিকে মিলোঁ
মোৰ কলিজা
মোৰ কলিজাখন
তোমাকেইতো দিলোঁ

পুৱা যদি কাজিয়া হয়
গধূলিকে মিলোঁ
মোৰ কলিজা
মোৰ কলিজাখন
তোমাকেইতো দিলোঁ

মৰম দি মৰমবোৰ
ময়ো ঘূৰাই ল’ম
হাততে দুহাত থয়
তোমাৰ লগৰী হ’ম

তুমি ক’বা দুষাৰ কথা
মাজত মই এষাৰি ক’ম
কথাৰ মাজতে
এচুমা বিচাৰি ল’ম

তুমি ক’বা দুষাৰ কথা
মাজত মই এষাৰি ক’ম
কথাৰ মাজতে
এচুমা বিচাৰি ল’ম

(Music)…

তোমাৰ মাতত দুচকুতে
তৰা দুটি জ্বলে
তোমাৰ কাষত অভিমানে
ম’মৰ দৰে গলে

তোমাৰ মাতত দুচকুতে
তৰা দুটি জ্বলে
তোমাৰ কাষত অভিমানে
ম’মৰ দৰে গলে

মৰমত তোমাক যেন
কোচত তুলি ল’ম
তুমি মোৰ হবানে
ময়ো তোমাৰে হ’ম

তুমি ক’বা দুষাৰ কথা
মাজত মই এষাৰি ক’ম
কথাৰ মাজতে
এচুমা বিচাৰি ল’ম

তুমি ক’বা দুষাৰ কথা
মাজত মই এষাৰি ক’ম
কথাৰ মাজতে
এচুমা বিচাৰি ল’ম