SONG: RAMDHENU (ৰামধেনু) SINGER: VREEGU KASHYAP LYRICS: JUNAAK BORAH RAMDHENU (ৰামধেনু) Lyrics - In Assamese:-- অ জোন...
SONG: RAMDHENU (ৰামধেনু)
SINGER: VREEGU KASHYAP
LYRICS: JUNAAK BORAH
RAMDHENU (ৰামধেনু) Lyrics - In Assamese:--
অ জোনাকৰে ৰাতি
দুচকুলে চালে
অভিমানি যেন লাগে
অ দুভৰিত দুভৰি ৰাখি
তুমি কাণে কাণে কথা ক'লে
তেজে তেজে বৈ আহে নৈ
নামি অহা বৰষা হৈ
বুকুৰে মাজলৈ
লাহে লাহে কৈ
আহা মনলৈ
বুকুতে ৰামধেনুৰ ৰং সানি লৈ
খিৰিকী খুলি চোৱাহি জুমি
থিতাপি লৈ লোৱা জীৱনলৈ
নিমিষতে ৰৈ আহা ছাঁয়া হৈ
লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ
উম পাহাৰে পাহাৰে সানে মৰম
চুব নোৱাৰা হ'লেও
চকুৱে চকুৱে
সপোন সপোনও সাজে ঘৰ
দিঠকে নাজানিলেও
নিৰৱে নিৰৱে
পাখি মেলি উৰা মাৰে
দুহাত লৈ চিলাৰ দৰে
সপোনৰ কোচলে
লাহে লাহে কৈ
আহা মনলৈ
বুকুতে ৰামধেনুৰ ৰং সানি লৈ
খিৰিকী খুলি চোৱাহি জুমি
থিতাপি লৈ লোৱা জীৱনলৈ
নিমিষতে ৰৈ আহা ছাঁয়া হৈ
লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ
উম পলে পলে উৰি যায় মন
সপোনৰ সাগৰলে
এবাৰ ডুবি চাবলে
মনে মনে গনিছো ক্ষন
সপোন সচাঁ হ'বলে
তোমাকে পাবলে
পাখি মেলি উৰা মাৰে
দুহাত লৈ চিলাৰ দৰে
সপোনৰ কোচলে
লাহে লাহে কৈ
আহা মনলৈ
বুকুতে ৰামধেনুৰ ৰং সানি লৈ
খিৰিকী খুলি চোৱাহি জুমি
থিতাপি লৈ লোৱা জীৱনলৈ
নিমিষতে ৰৈ আহা ছাঁয়া হৈ
লাহে লাহে ধীৰে ধীৰে ধীৰে ধীৰে কৈ
COMMENTS