Siyangor Galong Lyrics | চিয়াঙৰ গালং | Bhupen Hazarika

Siyangor Galong Lyrics চিয়াঙৰ গালং by Bhupen Hazarika, visit AssameseLyrics.com for more Assamese lyrics

Song: Siyangor Galong Lyrics (চিয়াঙৰ গালং)


Singer: Bhupen Hazarika


Siyangor Galong Lyrics
Siyangor Galong Lyrics

Siyangor Galong Lyrics:---


চিয়াঙৰ গালং
লোহিতৰে খামটি
আৰু টিৰাপৰে ৱানচুৱে
মোক কিয় মাতিছে ?
অসমীৰে পদূলি উদুলি যে মুদুলি
মৰম চেনেহৰে হাট বহিছে  

আপতানি ভনীটিক ধৰিলোঁ সাবটি
বেচেৰূপে নিলে মোক আথে-বেথে মাতি
ক'লে: আজি কিয় ৰঙৰে চকুলো সৰিছে ?
অ' পাহাৰৰে তলিত
ভৈয়ামৰে সীমাতে
চিনাকী চিনাকী কি সবাহ বহিছে ?

মনপা ককাইটিক ধৰিলোঁ সাবটি
বিনিময়ত তেওঁ দিলে বুদ্ধৰে মূৰতি
ক'লে : যুগ যুগৰ মিতিৰালিৰ ধ্বজা উৰিছে 
অ' বহুদিনে নেদেখা পদম ইনু নক্তেই
'আহ' বুলি হিয়াৰে আপং যাচিছে 

একতাৰ বেহা কৰি ভাবিলোঁ ওভতোঁ
উভতিয়ে চাই দেখোঁ আহিছে সিহঁতো
ৰিঙিয়াই ক'লে মোক: কিছুবেলি ৰ'বি
উভতি গৈ তই অসমীকে ক'বি - 
আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে
অ' চেৰদুকপেন আৰু টাংচাই
অঁকা আৰু বৰীয়ে
চেনেহ এনাজৰীৰে বাটি কাঢ়িছে
চিয়াঙৰে গালং
লোহিতৰে খামটি
টিৰাপৰে ৱাংছুৱে
মোক কিয় মাতিছে ? 
অসমীৰে পদূলি
উদুলি যে মুদুলি
মৰম চেনেহৰে হাট বহিছে

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0