Xora Pate Pate Fagun Lyrics Gayatri Hazarika, visit AssameseLyrical.com for more Assamese lyrics
Song: Xora Pate Pate Fagun (সৰা পাতে পাতে ফাগুন)
Singer: Gayatri Hazarika
Lyrics/Musician: Kajal Sharma
![]() |
Xora Pate Pate Fagun Lyrics |
Xora Pate Pate Fagun Lyrics:--
সৰা পাতে পাতে ফাগুন নামে
পলাশৰে ৰং ৰাঙলী
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী
ভাল লাগে মোৰ কিয়নো চাই
পছোৱা বতাহৰ ধেমালি...
মন যায় মোৰ ধূলিৰে উমলি
পলাশৰ ৰঙতে ৰাঙলী...
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী
সৰা পাতে পাতে ফাগুন নামে
ডাৱৰে ডাৱৰে লুকা-ভাকু
সৌ জোন-বেলিয়ে ৰিঙিয়াই শুধিলে
জোন-বেলিয়ে ৰিঙিয়াই শুধিলে
(আছেনে বতাহ হৈ বাউলি) ×২
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী...
সৰা পাতে পাতে ফাগুন নামে
কমোৱা তুলা হৈ মন উৰি
দূৰ-দূৰণিৰ চিনাকী সুঁহুৰি
সৌ দূৰ-দূৰণিৰ চিনাকী সুঁহুৰি
(অচিনা যদিও চিনাকী) ×২
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী
ভাল লাগে মোৰ কিয়নো চাই
পছোৱা বতাহৰ ধেমালি
মন যায় মোৰ ধূলিৰে উমলি
পলাশৰ ৰঙতে ৰাঙলী...
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী
সৰা পাতে পাতে ফাগুন নামে
COMMENTS