Akakh Akakh Lyrics | আকাশ আকাশ | Angaraag Mahanta (Papon)

Published on February 12, 2020

Song: Akakh Akakh (আকাশ আকাশ)

Song: Angaraag Mahanta (Papon)

Akakh Akakh Lyrics
Akakh Akakh Lyrics

Akakh Akakh Lyrics:—

আকাশ আকাশ তোমাৰ কথা

ডাৱৰ ডাৱৰ মোৰ মন,
সাঁথৰ সাঁথৰ তোমাৰ চকু
পাতল পাতল মোৰ উম,
তাকৰ তাকৰ তোমাৰ আশাত
বাখৰ হ’ব মোৰে বাট…..
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন;

নিশা যিমানেই গভীৰ হ’ব

সিমানে আশা বাঢ়ি যাব,
নিশা যিমানেই গভীৰ হ’ব
সিমানে আশা বাঢ়ি যাব,
নাই নালাগে আকাশৰ জোন-তৰা
নাই নালাগে মিছা মিছা মায়া,
যেনি যাওঁ তোমাকে দেখা যেন পাওঁ,
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন;

চেঁচা বতাহে দুগাল চুব

এপাল হেঁপাহো ৰৈ যাব,
চেঁচা বতাহে দুগাল চুব
এপাল হেঁপাহো ৰৈ যাব,
নাই নালাগে পদূলিৰ ফুল সৰা
নাই নালাগে অচিনা বাটচ’ৰা,
যেনি যাওঁ মাঁথো তোমাকে পাওঁ…..

আকাশ আকাশ তোমাৰ কথা

ডাৱৰ ডাৱৰ মোৰ মন;
সাঁথৰ সাঁথৰ তোমাৰ চকু
পাতল পাতল মোৰ উম,
তাকৰ তাকৰ তোমাৰ আশাত
বাখৰ হ’ব মোৰে বাট…..
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন ৷