Ami Asomiya Nohou Dukhiya Lyrics In Assamese | আমি অসমীয়া নহওঁ দুখীয়া | Bhupen Hazarika

Enjoy the heartfelt lyrics of Ami Asomiya Nohou Dukhiya Lyrics In Assamese by Bhupen Hazarika. Explore more Assamese songs on AssameseLyrical.com.

Song: Ami Asomiya Nohou Dukhiya (আমি অসমীয়া নহওঁ দুখীয়া)

Singer: Bhupen Hazarika

Ami Asomiya Nohou Dukhiya Lyrics In Assamese | আমি অসমীয়া নহওঁ দুখীয়া | Bhupen Hazarika

Ami Asomiya Nohou Dukhiya Lyrics In Assamese

আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্ত্বনা লভিলে নহ’ব,

আজিৰ অসমীয়াই নিজক নিচিনিলে

অসম ৰসাতলে যাব,

আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্ত্বনা লভিলে নহ’ব….

নানা জাতি-উপজাতি

ৰহনীয়া কৃষ্টি,

আকোৱালি লৈ হৈছিল সৃষ্টি

এই মোৰ অসম দেশ,

বিভেদ পৰি হৰি

নিজহাতে শ্ৰম কৰি

দেশক নগঢ়িলে

এই দেশ হ’ব নি:শেষ,

আৰু মনবোৰো ভাগি-ছিগি যাব

আজিৰ অসমীয়াই নিজক নবছালে

অসমতে মগনীয়া হ’ব,

আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্ত্বনা লভিলে নহ’ব….

প্ৰতি অসমীয়াই কি কৰা উচিত

উপদেশ দিবলৈ নাই লাচিত,

ডাঙৰ নহয় দেশতকৈও মোৰ

দুৰ্বলচিতীয়া মোমাইবোৰ,

বোলা হেংদানধাৰী

লাচিত নেথাকিলেও

আগুৱাই যাবই লাগিব,

অ’ নহ’লে অসমীয়াই অসমৰ মাটিতে

নিজেই ভগনীয়া হ’ব,

আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্ত্বনা লভিলে নহ’ব….

অসম মৰিলে আমিও মৰিম বুলি

ক’বলৈ কোনো যে নাই

বুলি আজি কোনে কয়….

কোনোবা কাপুৰুষক

পুৰুষ কৰিবলে

জ্যোতিপ্ৰসাদো যে আছে,

অসম মৰিলে আমিও মৰিম

বুলি ক’বলৈ শ্বহীদো আছে,

আজি অম্বিকাগিৰিৰ চিঞঁৰক হেজাৰে

হাতে-কামে নৱৰূপ দিব,

আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে

অসমতে ভগনীয়া হ’ব,

আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্ত্বনা লভিলে নহ’ব….

আনৰে লগতে অসমীয়া অসমতে

যদিহে নেবাছে বাৰু ক’তনো বাছিব,

মোৰ আইক ভাল পাওঁ বুলিলে

আনৰ আইক জানো

ঘিণ কৰাতো বুজাব,

প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়

আৰু দূৰণীৰ পৰা আহি

লুইতৰ পাৰৰে মাটিক

মাতৃ বোলা প্ৰতি ভাৰতীয় হ’ল

নতুন ৰূপৰ অসমীয়া,

আমি সেই ভাবে থাকিলেই হ’ব

নহ’লে আমাৰ ৰাজহাড় নাই বুলি

বিশ্বই বৰকে হাঁহিব,

আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্ত্বনা লভিলে নহ’ব….

বিশ্বপ্ৰেম… বিনন্দীয়া বুলি

অনুভৱ কৰা প্ৰতিজন অসমীয়া

তুমিওটো জানা এটি কথা,

আপোন মাতৃৰ অশ্ৰু নমচিলে

বিশ্বপ্ৰেম হ’ব বৃথা,

তুমি বিশ্বৰ শৰীৰত পঙ্গু অংগ হ’লে

বিশ্বই জানো ভাল পাব

পৃথিৱীত জনমি সচেতন নহ’লে

প্ৰাপ্যও থিতাতে হেৰাব,

আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্ত্বনা লভিলে নহ’ব….

থলুৱা আৰু নতুন অসমীয়াক

এইবেলি সেৱা যাচিলৈ

সোঁৱৰাব খুজিছো,

অসমৰে ৰাইজে নিজকে পাহৰিলে

ভোগালীতো দুৰ্ভোগ পাব,

আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও

কঙালীত পৰিণত হ’ব,

আজিৰ অসমীয়াই নিজকে নবছালে

অসম ৰসাতলে যাব,

আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্ত্বনা লভিলে নহ’ব….

Read more about Bhupen Hazarika. Do you found Any Mistakes in Ami Asomiya Nohou Dukhiya’s Lyrics?, Please Report In the Contact Section with the Correct Ami Asomiya Nohou Dukhiya Lyrics Song Lyrics!, View More Bhupendra Song lyrics.

Leave a Comment