Eibeli Muk (এইবেলি মোক) – Lyrics | Angaraag Mahanta | Papon

Published on February 7, 2020

Song: Eibeli Muk (এইবেলি মোক)

Singer: Angaraag Mahanta (Papon)

Eibeli Muk (এইবেলি মোক) – Lyrics:—

এইবেলি মোক বুকুতে ৰাখি,

এইবেলি মোক লোৱাহি ঢাকি,
এইবেলি মোক আঁচলতে তোমাৰ
চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি…..

এইবেলি হওঁক এই পৃথিৱী সাক্ষী,

আৱেগেৰে জ্বলোৱা চাকি……..

তোমাৰে কথা ভাবি পাৰ হয় সময়,

আন কাৰো বাবেচোন মোৰ জানো আজৰি যে নহয়,
জোনৰে দেশৰ লৈ আহা বাতৰি,
নেলাগে জানা সোণ মোক একো বাকী……..

এইবেলি মোক নথবা ৰাখি,

মৰমেৰে লোৱাহি আঁৱৰি…..

প্ৰতিটো নিশা সপোনত আহি,

চুমা আঁকি………
ঢালি যোৱা মিঠা মিঠা তোমাৰ সুবাস এচাটি,
উৰু উৰু মন ৰাঁখোনো কিদৰে,
উৰিম আকৌ এইবেলি পখী হৈ………

এইবেলি হওঁক জোন তৰা সাক্ষী,

মিলনৰে এটি মিঠা ৰাতি,
এইবেলি হওঁক………
চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি………

এইবেলি হওঁক এই পৃথিৱী সাক্ষী,

আৱেগেৰে জ্বলোৱা চাকি……….