Angaraag Mahanta
Ejak Botahe Lyrics | এজাক বতাহে | Angaraag Mahanta | Papon
Song: Ejak Botahe (এজাক বতাহে)
Singer: Angaraag Mahanta
![]() |
| Ejak Botahe Lyrics |
Ejak Botahe Lyrics:—
এজাক বতাহে ক’লে আহি,
মই নভবা কথাবোৰ,
এটি ফুলে কান্দি কান্দি,
ক’লেহি মনৰ কথাবোৰ,
মৰম কিদৰে
এজাক ধুমুহা হৈ,
বিছাৰি ফুৰিছে মোক,
এজাক বতাহে ক’লে আহি,
মই নভবা কথাবোৰ,
এটি ফুলে কান্দি কান্দি,
ক’লেহি মনৰ কথাবোৰ…
হাতত তোমাৰ ধৰি হাত,
পাৰ হৈ অহা সেই বাট,
এৰি অহা সেই খোজ,
আজিওটো আছে তাত,
এজাক উমাল সন্ধিয়া আছিলে য’ত,
তোমাক দিয়া এটি তেজৰঙী ফুল,
তুমি কিয় দিলা উভতাই
সেই তেজাল পাহিবোৰ,
তোমাৰ বুকুৰ উমত
আছিল জিপাল সময়বোৰ….
তথাপিও লাগে মোৰ,
তুমি নহয় বহু দূৰ,
তুলি ল’বা দুহাতত
মৰহিব ধৰা আশাবোৰ,
তোমাৰ কোমল পৰশত,
নাচিব মোৰ,
হেৰাই যোৱা এটি
সাতোৰঙী সুৰ….
এজাক বতাহে ক’লে আহি,
তুমিটো সদায় মোৰ,
বুকুৰ কোণতেই আছে
সেই জোনাকী ৰাতিবোৰ…..
