Iman Morom Lyrics | ইমান মৰম | Zubeen Garg

Published on February 16, 2020

Song: Iman Morom (ইমান মৰম)

Singer: Zubeen Garg

Iman Morom Lyrics
Iman Morom Lyrics

Iman Morom Lyrics:—

ইমান মৰম কোনেনো দিব??

ভাবিচানে বাৰু তুমি

ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে

চিৰদিন কাষতে ৷

ইমান মৰম !

দূৰণিৰ পৰাই ৰ” লাগি
চাওঁ তোমাক আজি
জানোচা তুমিও চোৱা যদি
মোলৈ এবাৰ ঘূৰি ৷
কিনো ক”ম মই কোৱা
সুধিলে আনে
ভাল পোৱানে নোপোৱা !!
ভাল পোৱানে নোপোৱা !!
তুমিতো জানাই সকলো দেখোন
মোৰ মনৰ কথা
তথাপিও তুমি নাজানো কিয়
নুবুজাৰ অভিনয় কৰা !!
অনুভৱ মোৰ আজি
তোমাকে পোৱা
চিৰদিন কাষতে ৷