Jaboloi Khujutei (যাবলৈ খোজোতেই) Lyrics | Zubeen Garg

Published on February 13, 2020

Song: Jaboloi Khujutei (যাবলৈ খোজোতেই)

Singer:  Zubeen Garg

Jaboloi Khujutei Lyrics
Jaboloi Khujutei Lyrics


Jaboloi Khujutei (যাবলৈ খোজোতেই) Lyrics:—

যাবলৈ খোজোতেই থ’মকিব দুভৰি

ডাৱৰৰ আৰতে নতুনৰ ৰ’দালি

চিনাকি চিনাকি দুদিনৰ চিনাকি

আতৰি গ’লেগৈ হ’ব যে অচিনাকি

যাবলৈ নিদিবা ৰাখিবা ধৰি

যাবলৈ খোজোতেই থমকিব দুভৰি

ডাৱৰৰ আৰতে নতুনৰ ৰ’দালি


কোনে বাৰু মোক মৰম দিলে

উকা হিয়া মোৰ ভৰাই থলে

ইমান দিনে আছিলে অকলে

আপোন বুলি মোক ভাবিলে কোনে

দিব পাৰে মোক মৰম কিজানি

তাকেই ভাবি ম‍ই ললো সাৱতি

যাবলৈ নিদিবা কাষৰতে ৰাখিবা

আপোন বুলি তুমি যাকেই ভাবি ল’লা

আতৰি গ’লেগৈ উভতি নাহে


মৰম জৰি যেতিয়া চিঙে

কোমল কলিজা উচুপি কান্দে

আপোন বুলি ভাবো ম‍ই যাকে

তেৱেই আহি মোৰ হিয়া ভাঙে

দিব খুজিও দিব নোৱাৰো

গোপনে মৰম সাৱতি ৰাখো

ফুলিব খোজোতে মোহাৰি নেপেলাবা

হাহিব খোজোতেই আহি দুখ নিদিবা

যাবলৈ নিদিবা ৰাখিবা ধৰি