Zubeen Garg
Juge Juge Proti Khuje Lyrics | যুগে যুগে প্ৰতি খোজে | Zubeen Garg & Treen Sharma
Song: Juge Juge Proti Khuje (যুগে যুগে প্ৰতি খোজে)
Singer: Zubeen Garg & Treen Sharma
Album: Anuradha
![]() |
| Juge Juge Proti Khuje Lyrics |
Juge Juge Proti Khuje Lyrics:—-
যুগে যুগে প্ৰতি খোজে তোমাতেই মই হ’ম বিলীন
এন্ধাৰৰে চুকে চুকে আছো মই তোমাতেই লীন
অনুৰাধা অনুৰাধা
সময়ৰে খাজে খাজে বৈ আহে ৰাতি দিন
হৃদয়ৰে সীমনাতে অশ্ৰু নিগৰা বীণ
অনুৰাধা অনুৰাধা
চকুয়েদি বৈ আহে নিদ্ৰাহিন কবিতা
এন্ধাৰতো জ্বলি মৰে নজলোৱা শলিতা
সপোনৰো শেষ আছে শেষ নহয় হতাশা
জ্বলি জ্বলি জ্বলে মাথো
হেৰুৱালো ওঠৰ ভাষা
অনুৰাধা অনুৰাধা
চকুৰে নৈ বৈ বৈ
বৈ আহে নিৰৱতা
সুখে দুখে জীৱনে দি যায় নীৰ ব্য়াকুলতা
জীৱনৰো শেষ আছে শেষ নহয় জিজ্ঞ্য়াসা
মৃত্য়ুয়ে চুমা যাচে
চুমাতেই যেন প্ৰত্য়াষা
অনুৰাধা অনুৰাধা
