Moi Gaan Bisari (মই গান বিচাৰি) | Lyrics In Assamese | Jyoti Prasad Rabha

Published on February 24, 2020

Song: Moi Gaan Bisari (মই গান বিচাৰি)

Singer: Jyoti Prasad Rabha

Moi Gaan Bisari Lyrics
Moi Gaan Bisari Lyrics

Moi Gaan Bisari Lyrics:—

মই গান বিচাৰি 
কোন দেশলৈ যাওঁ
বিশ্বসুৰৰ ন ৰূপটো
ক’ত বিচাৰি পাওঁ
কোন দেশলৈ যাওঁ?

পুৱাৰ ৰাগে
গুমৰি ক’লে
সোণ সন্ধিয়াত পাবি
সোণ সন্ধিয়ৰ সুৰে ক’লে
তৰা-দেশত চাবি৷

লাজকিৰীয়া
গাঁৱৰ সুৰে
ক’লে যাবি দূৰ
বৰচহৰৰ কাৰেঙ ঘৰত
শুই আছে সেই সুৰ
তিনিও ভুবন চলাথ কৰি চালোঁ
চকুপানীৰ বুকুত থকা পালোঁ
কৰুণ অৰুণ মৰম পাই
জাগিল বীণত
জাগিল গানত মোৰ
মনত বনৰ জুই জ্বলোৱা
মল মলিয়ন ধুই পেলোৱা নবীন বিশ্বসুৰ৷৷