Song: Niyorore Phool (নিয়ঁৰৰে ফুল)
Singer: Zubeen Garg
![]() |
Niyorore Phool Lyrics |
Niyorore Phool Lyrics:—
Promotion
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
Promotion
যেনি যায় বলাকায়,
যেনি যায় বলাকায়,
মেঘ কাগজতে,
নেদেখা ৰেখা টানি…..
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
আয়নুজনীৰ চকুৰ মণিত
দিনৰ পাহাৰ নাছিছিল,
সেই পাহাৰেই ৰাতিৰ মায়াত,
আকাশ হৈ পৰিছিল;
অন্ধকাৰৰ এটুপাল মম,
অন্ধকাৰৰ এটুপাল মম,
গান হৈ সৰি পৰিছিল;
শব্দময়ী পৰীৰ ৰাণী,
শব্দময়ী পৰীৰ ৰাণী,
উৰি আহিছিল;
গণি গণি তৰাৰ মালাৰ মণি,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
সেই কণ্ঠমণিৰ গুণ-গুণনি…..
সেই কণ্ঠমণিৰ গুণ-গুণনি…..
সৰি পৰি, সৰি পৰি…..
বনৰ নিয়ঁৰ হৈ,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
যেনি যায় বলাকায়,
যেনি যায় বলাকায়,
মেঘ কাগজতে,
নেদেখা ৰেখা টানি…..
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
নিয়ঁৰৰে ফুল,
এপাহ ফুলিল, এপাহ সৰিল কেনি?
Good work.
Thank You