Angaraag Mahanta
Puwar Rodali (পুৱাৰ ৰ’দালি) – Papon Lyrics | Ahiba Tumi | Angaraag Mahanta
Song: Puwar Rodali (পুৱাৰ ৰ’দালি)
Singer: Angaraag Mah & Papon

Puwar Rodali (পুৱাৰ ৰ’দালি) – Papon Lyrics:—
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা…..
তুমি আহিলে দেখো পাহিবোৰে হাঁহি চায়,
দিঠকো যেন শুৱনি এক সপোন হৈ যায়,
তুমি আহিলে দেখো পক্ষীবোৰে গীত গায়,
মোৰো বাগিছাত যেন ফাগুণ সাৰ পায়,
পুৱাৰ দূবৰিত পৰা নিয়ঁৰেও যে মিচিকায়,
শৰতেও মিঠা হাঁহি মাৰি আজি সাৰ পায়,
তোমাৰ অহা বাতৰি পায়……
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা……
তুমি নাহিলে দেখো বতাহো বতাহো ৰৈ যায়,
ফুলৰ সুবাস দেখো ম্লান হৈ যায়,
নিয়ঁৰ চুব খোজা আঙুলিও ৰৈ যায়,
সৰা শেৱালী দেখো মাটিতে মৰহি যায়,
তোমাৰ খোজৰ বাবে বাট চায় বাট চায়,
তুমি নাহিলে কিয় সকলো অসহায়,
নাহা কিয় সঘনায়?
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা…….