Eiti Ba Kun Lyrics | Bhupen Hazarika

Song: Eiti Ba Kun (এইটি বা কোন)

Singer: Bhupen Hazarika

 Eiti Ba Kun Lyrics
 Eiti Ba Kun Lyrics

 Eiti Ba Kun Lyrics:---

এইটি বা কোন ওলালে
সিংহ কেনি লুকালে
নেগুৰ কটা শৃগাল আজি
ৰাজসভালৈ যায়।

পপীয়া তৰা ওলালে
সূৰুষ কেনি লুকালে
তপস্বী বিড়াল আজি
নামঘৰলৈ যায়।
গৰ্দ্দভৰে নৃপতি, গৰ্দ্দভে শোভে।
ন্যায় এৰি নৃপতি, মৰে অতি লোভে।।

কাউৰী সজাওঁ যদি গজৰাজ মুক্তাৰে
তাৰ ঠোঁট যদি জিলিকাওঁ সুৱৰ্ণ মাণিকেৰে
তথাপি কাউৰী জানো ৰাজহংস হয়?

ৰাইজ যদি ৰজা হয়, নৃপতিনো কোন?
দেশখন বেচোঁতা, এই বদনটিনো কোন?
তেজ শোহা জোক জানো, মহাপুৰুষ হয়?

Post a Comment

Previous Post Next Post

Contact Form